বেটিং এপ কাণ্ডঃ যুৱৰাজ সিং, চনু সুদ, উৰ্বশী ৰাউটেলাৰ বিৰুদ্ধে ইডিৰ বৃহৎ পদক্ষেপ

ইডিৰ জালত পৰা খ্যাতনামা তাৰকাসকলৰ ভিতৰত আছে বলিউড অভিনেত্ৰী উৰ্বশী ৰৌতেলা, অভিনেতা চনু সুদ আৰু নেহা শৰ্মা।

author-image
Asomiya Pratidin
New Update
FDFDFDFDFDFSAS

ডিজিটেল ডেস্কঃ অবৈধ অনলাইন বেটিং চক্ৰৰ বিৰুদ্ধে বৃহৎ অভিযান চলাই ইডিয়ে শেহতীয়াকৈ প্ৰায় ৭.৯৩ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে। এই অভিযানত বলিউড আৰু ক্ৰীড়া জগতৰ কেইবাগৰাকীও পৰিচিত তাৰকাৰ নাম জড়িত হৈছে। জব্দ কৰা সম্পত্তিসমূহ প্ৰিভেনচন অৱ মানী লণ্ডাৰিং এক্ট (PMLA), ২০০২ৰ অধীনত কৰা হৈছে।

ইডিৰ মতে, এই তদন্ত বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে ৰুজু কৰা একাধিক এফআইআৰৰ আধাৰত আৰম্ভ হৈছিল। তদন্তৰ কেন্দ্ৰবিন্দুত আছে বিদেশভিত্তিক অবৈধ বেটিং প্লেটফৰ্ম 1xBet আৰু ইয়াৰ সাৰোগেট ব্ৰেণ্ড 1xBat আৰু 1xbat Sporting Lines। অভিযোগ অনুসাৰি, এই প্লেটফৰ্মসমূহে ভাৰতজুৰি অবৈধ অনলাইন বেটিং আৰু জুৱা কাৰ্যকলাপ সক্ৰিয়ভাৱে প্ৰচাৰ আৰু সুবিধা প্ৰদান কৰি আহিছিল।

ইডিৰ জালত পৰা খ্যাতনামা তাৰকাসকলৰ ভিতৰত আছে বলিউড অভিনেত্ৰী উৰ্বশী ৰৌতেলা, অভিনেতা চনু সুদ আৰু নেহা শৰ্মা। তদুপৰি বাংলা চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী মিমি চক্ৰৱৰ্তী আৰু অভিনেতা অংকুশ হাজৰাৰ নামো তদন্তলৈ আহিছে। একেদৰে ক্ৰীড়া জগতৰ পৰা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু ৰবীন উত্থাপাকো এই গোচৰৰ সৈতে জড়িত হৈছে।

ইডিৰ দাবী অনুসৰি, উক্ত তাৰকাসকলে এই অবৈধ বেটিং প্লেটফৰ্মসমূহৰ প্ৰচাৰমূলক কাৰ্যকলাপত অংশগ্ৰহণ কৰিছিল, যাৰ ফলত এই প্লেটফৰ্মসমূহে দেশত নিজৰ নেটৱৰ্ক বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান তদন্ত অব্যাহত আছে আৰু আগন্তুক দিনত আৰু অধিক তথ্য পোহৰলৈ আহিব বুলি ইডিয়ে জানিবলৈ দিছে।

ইডি