/asomiyapratidin/media/media_files/2025/01/25/JOEmCSqFsFbNpgWSjaEj.jpg)
২০২১-২০২৩ চনৰ ভিতৰত অসমৰ বনাঞ্চল Photograph: (২০২১-২০২৩ চনৰ ভিতৰত অসমৰ বনাঞ্চল)
ডিজিটেল ডেস্কঃ ২০২১ৰ পৰা ২০২৩ৰ ভিতৰত অসমত হ্ৰাস পোৱা বনাঞ্চলক লৈ চিন্তিত হৈ পৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ। এই সন্দৰ্ভত কেন্দ্ৰলৈ জাননীও প্ৰেৰণ কৰিছে সেইজ ন্যায়াধীকৰণে। ২০২১-২৩ৰ ভিতৰত অসমত ৮৬.৬৬বৰ্গ কিলোমিটাৰ বনাঞ্চল হ্ৰাস পাইছে। ষ্টেট অৱ ফৰেষ্ট ৰিৰ্পটত উল্লেখ কৰা অনুসৰি অসমৰ লগতে অৰুণাচল আৰু মিজোৰামতো হ্ৰাস পাইছে বনাঞ্চলৰ পৰিমাণ।
এই সমগ্ৰ বিষয়টোক লৈ শেহতীয়াকৈ সেউজ ন্যায়াধীকৰণ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু বিশেষজ্ঞ সদস্য আফ্ৰজ আহমেদ বিচাৰপীঠে এই সন্দৰ্ভত ৰায় প্ৰদান কৰি কয় যে, অসমে বন সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা আইন উলংঘা কৰিছে। ইয়াৰোপৰি পৰিৱেশ নীতি সম্পৰ্কীয় যথেষ্ট নীতি উলংঘন কৰাৰো অভিযোগ উত্থাপন কৰিছে।
এই সমগ্ৰ বিষয়ক লৈ সেউজ ন্যায়াধীকৰণে জাননী প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰলৈ। ভাৰত ৰাজ্য়ৰ বন প্ৰতিবেদন (ISFR) ২০২৩ত প্ৰকাশিত তথ্য অনুসৰি, ৰাজ্যখনৰ বনাঞ্চল আৰু গছৰ আৱৰণৰ অধীনৰ মুঠ মাটিকালি এতিয়া ৩০,৪১৫.০১ বৰ্গ কিলোমিটাৰ । ২০২১ চনৰ পৰা দেশজুৰি মুঠ বনাঞ্চল আৰু গছৰ আৱৰণ ১৪৪৫ বৰ্গ কিলোমিটাৰ বৃদ্ধি পোৱাৰ সময়তে অসমত হ্ৰাস পাইছে বনাঞ্চলৰ পৰিমাণ।
তথ্য অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ মুঠ বনাঞ্চল ২৮,৩১৩.৫৫ বৰ্গ কিলোমিটাৰ । এই পৰিমাণ ৰাজ্যখনৰ মুঠ মাটিকালিৰ ৩৬.১০ শতাংশ । ইয়াৰ বিপৰীতে গছৰ আৱৰণৰ ক্ষেত্ৰফল ১০,৭১৮.২৮ বৰ্গ কিলোমিটাৰ । ইয়াৰ ফলতে মুঠ বনাঞ্চল আৰু গছ-গছনি আৱৰণ ৩০,৪১৫.০১ বৰ্গ কিলোমিটাৰ হৈছে। ISFR তথ্য় অনুসৰি, ৰাজ্যখনৰ বনাঞ্চল আৰু গছৰ আৱৰণ ৮৩.৯২ বৰ্গ কিলোমিটাৰ হ্ৰাস পাইছে।
প্ৰতিবেদন অনুসৰি, ৰাজ্যখনৰ বনাঞ্চলৰ মুঠ ৪.০৭ শতাংশ অঞ্চল অতি ঘন বনাঞ্চল(VDF), ১২.৪৫ শতাংশ মধ্যমীয়া ঘন বনাঞ্চল(MDF) আৰু ১৯.৫৮ শতাংশ মুকলি অৰণ্যৰ অধীনত(OF)। লিপিবদ্ধ বনাঞ্চল (RFA)/ গ্ৰীণ ৱাছ (GW) শ্ৰেণীৰ ভিতৰত বনাঞ্চলৰ আৱৰণ সৰ্বাধিক হ্ৰাস পোৱা পাঁচখন ৰাজ্যৰ ভিতৰত অসম অন্যতম হিচাপে পৰিগণিত হৈছে