বাংলাদেশ সীমান্তত উত্তেজনামূলক পৰিস্থিতিৰ মাজতে ইষ্টাৰ্ণ কামাণ্ডাৰ প্ৰধানৰ আকস্মিক পৰিদৰ্শন

ভাৰত–বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰিবলৈ ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ বিলোনিয়া সীমান্তৰ মুহুৰিচৰ সীমান্ত চকীত আকস্মিক পৰিদৰ্শন কৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ জিঅ’চি-ইন-চিফ লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীৱে।

author-image
Asomiya Pratidin
New Update
jghdsdxsdetr

ডিজিটেল ডেস্কঃ বাংলাদেশৰ সাম্প্ৰতিক অশান্ত পৰিস্থিতিৰ পটভূমিত ভাৰত–বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰিবলৈ ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ বিলোনিয়া সীমান্তৰ মুহুৰিচৰ সীমান্ত চকীত আকস্মিক পৰিদৰ্শন কৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ জিঅ’চি-ইন-চিফ লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীৱে। এই আকস্মিক পৰিদৰ্শনৰ সময়ছোৱাত তেওঁৰ সৈতে একাধিক জ্যেষ্ঠ সামৰিক বিষয়া উপস্থিত আছিল।

Capturelkliklok

পৰিদৰ্শনৰ সময়ত সীমান্ত অঞ্চলৰ সামগ্ৰিক নিৰাপত্তা ব্যৱস্থা, চোৱাচিতা ব্যৱস্থাৰ ফলপ্ৰসূতা আৰু কাৰ্যকৰী প্ৰস্তুতিৰ বিষয়েও বিতংভাৱে পৰ্যালোচনা আৰু মূল্যায়ন কৰে আৰ চি তিৱাৰীৱে। দুই দেশৰ মাজত বৃদ্ধি পোৱা উত্তেজনা আৰু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত এই পৰিদৰ্শনক বিশেষ তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।

Capturemnmmm

ইফালে, সেনা সূত্ৰই জনোৱা মতে, সীমান্তত শান্তি আৰু স্থিতিশীলতা বজাই ৰাখিবলৈ সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যিকোনো আকস্মিক বা আপাতকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সেনা বাহিনী সম্পূৰ্ণৰূপে প্ৰস্তুত। সূত্ৰই লগতে সদৰী কৰে যে, এই পৰিদৰ্শনৰ মুখ্য উদ্দেশ্য আছিল সীমান্তত নিয়োজিত বাহিনীৰ সামগ্ৰিক ‘প্ৰস্তুতি’পৰীক্ষা কৰা।

বাংলাদেশ বাংলাদেশ সীমান্ত বাংলাদেশী ভাৰত-বাংলাদেশ সীমান্ত