নিচাজাতীয় সামগ্ৰীৰ অবাধ বেহা, মণিপুৰৰ ৩মহিলাসহ এজন পুৰুষ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

গোপন তথ্যৰ ভিত্তিত দুটা পৃথক অভিযানত ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষী আৰু এন্টি নাৰ্কোটিকছ টাস্ক ফ'ৰ্চে হেৰ'ইন খিনি জব্দ কৰে।  

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-08-17 at 9.56.43 PM

ডিজিটেল সংবাদ শিলচৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত দেওবাৰে জব্দ কৰা হৈছে বুজন পৰিমাণৰ নিষিদ্ধ হেৰ'ইন । গোপন তথ্যৰ ভিত্তিত দুটা পৃথক অভিযানত ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষী আৰু এন্টি নাৰ্কোটিকছ টাস্ক ফ'ৰ্চে এই হেৰ'ইন খিনি জব্দ কৰে।  

Advertisment

ইষ্ট জয়ন্তীয়া হিলছ  আৰক্ষী আৰু এন্টি নাৰ্কোটিকছ ফ'ৰ্চে লুমছুঙ এলেকাৰ উমকিয়াঙত এখন মাৰুতি বাহনত যুটীয়া অভিযান চলাই ৮০ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ৯৬১.৩৩ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা হেৰ'ইনৰ মুল্য প্ৰায় চাৰি কোটি টকা। হেৰ'ইন খিনি চুবুৰীয়া ৰাজ্য মনিপুৰৰ চূড়াচান্দপুৰৰ পৰা শ্বিলঙলৈ সৰবৰাহৰ সময়ত উমকিয়াঙত জব্দ কৰা হয়। 

ইফালে হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মনিপুৰৰ তিনি গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। ধৃত‌ মহিলা কেই গৰাকী কিমনেই, দিমখোটিং আৰু গাইটিং। আটাইৰে ঘৰ মনিপুৰৰ টেঙনৌপাল জিলাৰ খনজমত। 

আনহাতে,  ড্ৰাগছ বিৰোধী দ্বিতীয়টো অভিযানত খেলৰিহাট এলেকাৰ বিন্দিহাটী গাঁৱৰ পৰা ইষ্ট জয়ন্তীয়া হিলছ আৰক্ষী আৰু এন্টি নাৰ্কোটিকছ টাস্ক ফ'ৰ্চে শিলচৰৰ পৰা শ্বিলং অভিমুখী এখন চুপাৰ বাছত তালাচী চলাই ৯টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা ৯১.৮৬ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। হেৰ'ইন সৈতে আৰক্ষীয়ে  ঈশাক এল জোটে নামৰ শ্বিলঙৰ মদানৰিংটিৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা হেৰ'ইনৰ মুল্য প্ৰায় ৪০ লাখ টকা বুলি সদৰি কৰিছে ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে।

মেঘালয়