প্ৰতিবাদকাৰীয়ে বিচাৰিয়েই নাপালে! ঘৰ জ্বলাই দিলে কিন্তু গোপন সুৰংগত থাকি গ'ল কোটি কোটি টকা আৰু সোণ...

নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ শ্বেখবাহাদুৰ দেওৰাৰ কাঠমাণ্ডুস্থিত নিজা বাসগৃহত উদ্ধাৰ হৈছে এটা সুৰংগ। এই সুৰংগত নগদ কোটি কোটি ধনৰ লগতে উদ্ধাৰ সৈতে কোটি টকাৰ সোণ। এই বিশেষ সুৰংগটোত নেপালৰ

author-image
Asomiya Pratidin
New Update
nepaaa

ডিজিটেল ডেস্কঃ  নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ শ্বেখবাহাদুৰ দেওৰাৰ কাঠমাণ্ডুস্থিত নিজা বাসগৃহত উদ্ধাৰ হৈছে এটা সুৰংগ। এই সুৰংগত নগদ কোটি কোটি ধনৰ লগতে উদ্ধাৰ সৈতে কোটি টকাৰ সোণ। এই বিশেষ সুৰংগটোত নেপালৰ প্ৰতিবাদকাৰী সকলেও বিচাৰি পোৱা নাছিল বুলি সদৰি কৰিছে তদন্তকাৰী বিষয়াই। 

উল্লেখ্য যে, প্ৰতিবাদকাৰীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। তেওঁৰ পত্নী বৰ্তমান আই চি ইউত ভৰ্তি হৈ আছে। প্ৰতিবাদকাৰীয়ে দেওৰাৰ বাসগৃহত জ্বলাই দিছিল আৰু তেতিয়াও বহু ধন জুইত জাঁহ হৈছিল। এই ঘটনাৰ পাছতে সমগ্ৰ ঘটনাক লৈ তদন্ত কৰোতে তদন্তকাৰী বিষয়াই উদ্ধাৰ কৰে এই গোপন সুৰংগটো।

এই সমগ্ৰ ঘটনাক লৈ তদন্তকাৰী বিষয়াসকলে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ কোনো তথ্য সদৰি কৰা নাই। ইফালে নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে প্ৰাক্তন ন্যায়াধীশ সুশীলা কাৰ্কীয়ে।  শুকুৰবাৰে নিশা প্ৰধানমন্ত্ৰী হিচাপে কাৰ্কীয়ে শপতগ্ৰহণ কৰে। 

প্ৰণিধানযোগ্য যে, সদ্যপদত্যাগী প্ৰধানমন্ত্ৰী কে পি শৰ্মাৰ পদত্যাগৰ পিছতে নেপাল চৰকাৰৰ পতন ঘটিছিল। গতিকে এইবাৰ নতুন নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব সুশীলা কাৰ্কীয়ে।

নেপাল