/asomiyapratidin/media/media_files/2025/10/29/1-2025-10-29-14-20-58.jpeg)
ডিজিটেল সংবাদ,মানকাচাৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু জিলা শিক্ষা বিভাগৰ যৌথ উদ্যোগত আজি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা খনৰ ৮ খনকৈ শিক্ষানুষ্ঠানত ভূমিকম্প আৰু অগ্নি নিৰ্বাপক অনুশীলন অনুষ্ঠিত কৰে ।
শিক্ষানুষ্ঠানত ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত ছাত্ৰ-ছাত্ৰী সকল কিদৰে নিজকে সুৰক্ষিত কৰি ৰাখিব তাৰ ওপৰত মকড্ৰিল কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। দুৰ্যোগত কোনো ছাত্ৰ-ছাত্ৰী আহত হ'লে কিদৰে উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে তাৰ ওপৰতো ছাত্ৰ-ছাত্ৰী সকলক অনুশীলন দিয়া হয়।
ফেকামৰিস্থিত কৌস্তুৰবা গান্ধী বালিকা বিদ্যালয়তো এই মকড্ৰিল কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। ফেকামাৰী কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰী জিলা আঁচনি বিষয়া ৰেকিবুজ জাহান, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ নডেল বিষয়া হিমাংশু বৰ্মন উপস্থিত আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us