১ মাৰ্চত প্ৰতিখন জিলা কংগ্ৰেছ কমিটিয়ে অনুষ্ঠিত কৰিব বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰে নিৰ্দেশত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত সংশ্লিষ্ট ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ আৰু বুথ কংগ্ৰেছৰ সভাপতিসকলেও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
fwyfr6trewjsdshdgu

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। এই অনুযায়ী প্ৰতিখন জিলা কংগ্ৰেছ সমিতিয়ে ১ মাৰ্চত নিজ নিজ কাৰ্যালয়ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিব। প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰে নিৰ্দেশত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত সংশ্লিষ্ট ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ আৰু বুথ কংগ্ৰেছৰ সভাপতিসকলেও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

প্ৰতিখন জিলা কংগ্ৰেছ কমিটিয়ে অনুষ্ঠিত কৰিবলগীয়া এই বৈঠকত সংশ্লিষ্ট জিলাৰ দায়িত্বত থকা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কসকলেও ভাগ ল’ব। এই বৈঠকতে সমাগত নিৰ্বাচনক লৈ উক্ত অঞ্চলসমূহত বিজেপিক প্ৰতিহত কৰিবলৈ কি কি কৌশল যুগুত কৰা উচিত হ’ব আৰু প্ৰদেশ কংগ্ৰেছ কমিটিৰ সৈতে কিদৰে সমন্বয় সাধন কৰি নিৰ্বাচনী যুঁজ শক্তিশালী কৰি তুলিব পৰা যাব সেই সম্পৰ্কেও আলোচনা অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছে। 

কংগ্ৰেছ