/asomiyapratidin/media/media_files/2025/01/10/AoDFlPlMWz5w9RGlGhd3.jpg)
ই বিল Photograph: (ই বিল)
ডিজিটেল ডেস্কঃ দেশত এতিয়া সকলো ক্ষেত্ৰতে ডিজিটেলাইশ্যনে একপ্ৰকাৰৰ অগ্ৰাসন কৰা পৰিলক্ষিত হৈছে। বাণিজ্যৰ পৰা আদি কৰি শিক্ষালৈকে সকলোক্ষেত্ৰত ডিজিটেল প্ৰক্ৰিয়াই এতিয়া গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে সময়তে শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি, ২০২৪ৰ ডিচেম্বৰ মাহত ভাৰতত ১১.২কোটি লোকে ই-বিলৰ জৰিয়তে যিকোনো সামগ্ৰী ক্ৰয় কৰিছে।
ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত ১০কোটি ১৮লাক লোকক দিয়া হৈছিল ই-বিল। ডিচেম্বৰ মাহত এই সংখ্যা প্ৰায় ১৭শতাংশ বৃদ্ধি পাই হয়গৈ ১১.২কোটি। ধাৰণা কৰা হৈছে যে, ২০২৫ৰ ফেব্ৰুৱাৰী মাহলৈকে এই সংখ্যা অধিক বৃদ্ধি পাব।