ডবকাত ই-ৰিক্সা চলাচলত নতুন নিৰ্দেশনা, নিয়ম নমানিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা

ডবকা পৌৰসভাৰ তৰফৰ পৰা ডবকা নগৰ অঞ্চলত চলাচল কৰা সকলো ই-ৰিক্সা চালক আৰু মালিকলৈ এক গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে পৌৰসভাৰ কাৰ্যবাহী বিষয়া ধিৰেন বৰদলৈয়ে।

author-image
Asomiya Pratidin
New Update
fsdrfdfsddd

ডিজিটেল সংবাদ, ডবকাঃ ডবকা পৌৰসভাৰ তৰফৰ পৰা ডবকা নগৰ অঞ্চলত চলাচল কৰা সকলো ই-ৰিক্সা চালক আৰু মালিকলৈ এক গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে পৌৰসভাৰ কাৰ্যবাহী বিষয়া ধিৰেন বৰদলৈয়ে। জাননীখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, সকলো ই-ৰিক্সা চালক আৰু মালিকে চৰকাৰী নীতি-নিয়ম, যান-বাহন আইন আৰু পৌৰসভাৰ নিৰ্দেশনা মানি চলিব লাগিব।

জাননী অনুসৰি অনুমতি বিহীন ই-ৰিক্সা চলাচল, যান-বাহনৰ প্ৰয়োজনীয় নথিপত্ৰ নথকা, নম্বৰ প্লেট নথকা, অতিৰিক্ত যাত্ৰী বহন কৰা আদি অনিয়ম সহ্য কৰা নহ’ব। নিয়ম উলংঘা কৰা ই-ৰিক্সা চালক অথবা মালিকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে পুলিচ প্ৰশাসনক অনুৰোধ জনোৱা হৈছে বুলি জাননীখনত উল্লেখ কৰা হৈছে।

ডবকা নগৰত দিনক দিনে ই-ৰিক্সাৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত যান-জট আৰু পথ দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৌৰসভাই সকলো ই-ৰিক্সা চালক আৰু মালিকক দায়িত্বশীল আচৰণ কৰিবলৈ আহ্বান জনাইছে। উক্ত জাননী সকলোৰে জ্ঞাতাৰ্থে প্ৰচাৰ কৰা হৈছে বুলি ডবকা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়াই জানিবলৈ দিয়ে।

ডবকা