বিসম্বাদৰ অন্ত! অসমৰ দৰে পৰিস্থিতি কৰ্ণাটকত হ'বলৈ নিদিলে কংগ্ৰেছ হাইকামাণ্ডে...

বহুতে ভাৱি থকাৰ দৰে কৰ্ণাটক কংগ্ৰেছত বিসম্বাদে অধিক ভয়াৱহ ৰূপধাৰণ নকৰিলে। হাইকামাণ্ডৰ নিৰ্দেশত মুখ্যমন্ত্ৰী পদৰ বাবে বিসম্বাদৰ সৃষ্টি কৰা ডি কে শিৱকুমাৰ আলোচনাত বহিল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধামাইয়াৰ

author-image
Asomiya Pratidin
New Update
KARTANNS

ডিজিটেল ডেস্কঃ বহুতে ভাৱি থকাৰ দৰে কৰ্ণাটক কংগ্ৰেছত বিসম্বাদে অধিক ভয়াৱহ ৰূপধাৰণ নকৰিলে। হাইকামাণ্ডৰ নিৰ্দেশত মুখ্যমন্ত্ৰী পদৰ বাবে বিসম্বাদৰ সৃষ্টি কৰা ডি কে শিৱকুমাৰ আলোচনাত বহিল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধামাইয়াৰ সৈতে। ২৯নৱেম্বৰ, ২০২৫ত ডি কে শিৱকুমাৰ আৰু সিদ্ধামাইয়া পুৱাই ব্ৰেকফাষ্ট পাৰ্টিত মিলিত হয়।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা শুকুৰবাৰেই ডি কে শিৱকুমাৰক ব্ৰেকফাষ্ট পাৰ্টিৰ বাবে আমন্ত্ৰণ জনাইছিল মুখ্যমন্ত্ৰী সিদ্ধামাইয়াই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি,  মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠক শেষ হোৱাৰ লগে লগে শিৱকুমাৰ দিল্লীলৈ ৰাওনা হৈছে।

প্ৰণিধান যোগ্য যে,  কৰ্ণাটকৰ ৰাজনীতিত মুখ্যমন্ত্ৰী আসনৰ বাবে  চলি থকা উত্তেজনাৰ মাজতে বৃহস্পতিবাৰে (২৭ নৱেম্বৰ) সন্ধিয়া এক বৃহৎ পৰিঘটনা সংঘটিত হয়। কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে.চি. ভেনুগোপালে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰ আৰু কঠোৰ বাৰ্তা প্ৰদান কৰে। তেওঁ স্পষ্টকৈ কয় যে ছ’চিয়েল মিডিয়াত ইজনে সিজনৰ ওপৰত মন্তব্য কৰাটো কংগ্ৰেছৰ পৰম্পৰা নহয়, আৰু দিল্লীলৈ অহাৰ আগতে তেওঁলোকে নিজৰ সকলো মতানৈক্য সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰিব লাগে।

বেনুগোপালে ইংগিত দিয়ে যে অতি সোনকালে দুয়োজন নেতাক দিল্লীলৈ মাতি অনা হ’ব, য’ত হাইকমাণ্ডৰ উপস্থিতিত সমগ্ৰ বিষয়টো আলোচনা কৰা হ’ব। ধাৰণা কৰা হৈছে যে, ডি কে শিৱকুমাৰে আজি সাক্ষাত কৰিব ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক।

কৰ্ণাটক বিধানসভা নিৰ্বাচন কৰ্ণাটক নিৰ্বাচন কৰ্ণাটক কৰ্ণাটক চৰকাৰ