কোন ৰাজনৈতিক দলত যোগদান কৰিব দ্বীপেন বড়োৱে ?

এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে সক্ৰিয় ৰাজনীতিৰ পথাৰলৈ নমাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে আজি ওদালগুৰি জিলা এবছু কাৰ্যালয়ত অনুষ্ঠিত হয় চিচি বিটিআৰৰ এক গুৰুত্বপূৰ্ণ সভা।

author-image
Asomiya Pratidin
New Update
new ap web dipen.jpg (1)

ডিজিটেল সংবাদ, ওদালগুৰিঃ এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে সক্ৰিয় ৰাজনীতিৰ পথাৰলৈ নমাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে আজি ওদালগুৰি জিলা এবছু কাৰ্যালয়ত অনুষ্ঠিত হয় চিচি বিটিআৰৰ এক গুৰুত্বপূৰ্ণ সভা। বিটিআৰৰ ৩০ টাকৈ জাতিয় দল-সংগঠনেৰে গঠিত এই চিচি বিটিআৰ সভাত দ্বিপেন বড়োৱে ৰাজনীতিলৈ যোৱা প্ৰসঙ্গ‌ই চৰ্চা লাভ কৰে।

ইফালে, এই সন্দৰ্ভত দ্বীপেন বড়োৱে কয়, বিভিন্ন মাধ্যমযোগে ৰাইজৰ তৰফৰ পৰা মোলৈ এক পৰামৰ্শ বা আহ্বান আহি আছে যে ম‌ই সামাজিক, ৰাজনৈতিক পথাৰলৈ আহি সমাজ তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ হকে কাম কৰিব লাগে। ইতিমধ্যে ম‌ই এবছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিলৈ এক পত্ৰ প্ৰেৰণ কৰিছো আৰু সেই পত্ৰখন বিৱেচনা চলি আছে। পত্ৰখন সন্দৰ্ভত কম দিনৰ ভিতৰত এক সু-সিদ্ধান্ত ওলাব। এই সন্দৰ্ভত আজি চিচিবিটিআৰৰ মজিয়াত ম‌ই বিষয়টো উপস্থাপন কৰিছো। বিষয়টো সন্দৰ্ভত তেওঁলোকে মতামত প্ৰদান কৰিছে। তেওঁলোকে প্ৰদান কৰা মতামত তথা এবছুৰ কেন্দ্ৰীয় সমিতিৰ মতামত গ্ৰহণ কৰি আগন্তুক দিনৰ যাত্ৰা আৰম্ভ কৰিম। চিচি বিটিআৰত ম‌ই আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছো। ইয়াৰ জৰিয়তে বিটিআৰত বাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীক সমধিকাৰ, সমমৰ্যাদাৰ বাবে কাম কৰিছো আৰু কাম কৰি যাম। 

ইফালে, হাগ্ৰামা মহিলাৰীয়ে বিপিএফলৈ দ্বীপেন বড়োক মতা প্ৰসঙ্গ সন্দৰ্ভত বড়োৱে কয়, সকলো দলৰ প্ৰতিয়েই মোৰ সমান সন্মান আছে। বিটিআৰৰ দু‌ই আঞ্চলিক দল বিপিএফ আৰু ইউপিপিএলৰ প্ৰতি মোৰ সমান শ্ৰদ্ধা আৰু সন্মান আছে। কাৰণ সুদীৰ্ঘ কাল জাতিৰ বাবে সংগ্ৰাম কৰি হাগ্ৰামা মহিলাৰী-প্ৰমোদ বড়োৱে এই আঞ্চলিক দলৰ নেতৃত্ব দিছে। বড়ো জনগোষ্ঠীৰ উত্তোৰণৰ সমান্তৰালভাৱে আন জাতি জনগোষ্ঠীৰ সমউন্নয়ণৰ বাবে তেওঁলোকে কাম কৰিছে বা কৰি আছে। কেৱল আঞ্চলিক ৰাজনৈতিক দলেই নহয় ভাল কাম কৰি যোৱা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ প্ৰতিও মোৰ সমানে শ্ৰদ্ধা আছে। 

ওদালগুৰি