দ্বীপেন বড়োৰ সংবাদমেলঃ বাগুৰুম্বা দহৌৰ বাবে প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক ধন্যবাদ

কাইলৈ গুৱাহাটীত দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হবলগীয়া ঐতিহাসিক বাগুৰুম্বা দহৌ সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে।

author-image
Asomiya Pratidin
New Update
bhxcshdskdnksa

ডিজিটেল সংবাদ, ওদালগুৰিঃ কাইলৈ গুৱাহাটীত দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হবলগীয়া ঐতিহাসিক বাগুৰুম্বা দহৌ সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে।

ওদালগুৰি জিলা এবছুৰ কাৰ্যালয়ত দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা সংবাদমেলত ৰাজ্যৱাসীক ভোগালী বিহুৰ ওলগ জনাই সভাপতি বড়োৱে কয়, "কাইলৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দহ সহস্ৰাধিক নৃত্য কুশলীয়ে বাগুৰুম্বা নৃত্য পৰিৱেশন কৰিব। ই এক ঐতিহাসিক ক্ষণ হিচাপে পৰিগগিত হোৱাৰ লগতে বিশ্বৰেকৰ্ড হব। বিহু ৰেকৰ্ডৰ পিছত ২০২৪ চনতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাগুৰুম্বাৰ‌ এই ঐতিহাসিক ক্ষণৰ কথা উল্লেখ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ঝুমুৰ নৃত্য অনুষ্ঠিত কৰিলে। উক্ত দুয়োটা অনুষ্ঠানতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত আছিল। বাগুৰুম্বা নৃত্যৰ বাবে বিগত জুন-জুলাই মাহত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা, দুলাৰাই বড়ো হাৰিমু আফা, বাথৌ, ব্ৰহ্মধৰ্ম ইত্যাদি সকলোকে আমন্ত্ৰণ জনাই ৰাজ্যৰ সাংস্কৃতিক বিভাগে আলোচনা কৰিছিল। উক্ত আলোচনাতে আমাৰ তৰফৰ পৰা সহায়-সহযোগিতাৰ আশ্বাস দিছিলো। যদিওবা কাইলৈ সম্পূৰ্ণ চৰকাৰী ভিত্তিত এই কাৰ্যসূচী ৰূপায়ন কৰা হৈছে, তথাপিও এনে অনুষ্ঠান এটা অনুষ্ঠিত কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিছো।

দ্বীপেন বড়োৱে লগতে উল্লেখ কৰে য়ে, কাইলৈৰ এই ঐতিহাসিক ক্ষণৰ বাবে আমি গৌৰৱান্বিত আৰু আনন্দিত। ইয়াৰ জৰিয়তে বাগুৰুম্বাৰ এই সৃষ্টিয়ে সমগ্ৰ দেশ তথা বিশ্বব্যাপি প্ৰচাৰ লাভ কৰিব। অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী নৃত্যশিল্পীকে শুভেচ্ছা জ্ঞাপন কৰিলো। ইতিমধ্য ২১ বিধ বড়ো জনগোষ্ঠীৰ সম্পদে জি‌আই টেগ লাভ কৰিছে। কালিও আমি আন এক ঐতিহাসিক ক্ষণৰ সাক্ষী হবলৈ গৈ আছো। ইয়াৰ জৰিয়তে বড়ো জাতিটোৰ স্বাভিমান আৰু অস্তিত্ব বজাই ৰখাত অৰিহনা যোগাব। আমি আমাৰ সংস্কৃতি ঐতিহ্য প্ৰচাৰৰ বাবে চেষ্টা কৰি আহিছো। ২০২৪ চনত নতুন দিল্লীত বড়োলেণ্ড মহোৎসৱ অনুষ্ঠিত কৰিছো। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ত্যাগক বিশ্ব দৰবাৰলৈ নিয়াৰ উদ্দেশ্যে তেখেতৰ নামত নতুন দিল্লী এটি পথৰ নামাকৰণ, প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এইক্ষেত্ৰত আমি জাতিয় সংগঠন হিচাপে আমাৰ দ্বায়বদ্ধতা পালন কৰি আহিছো আৰু ভিন্ন সময়ত চৰকাৰখনকো সহযোগ কৰি আহিছো। কালিৰ এই ঐতিহাসিক নৃত্য পৰিৱেশনত যাতে কোনো ধৰণৰ ত্ৰুতি ৰৈ নাযায়, তেতিয়াহে অনুষ্ঠানটো সফল হব বুলি তেখেতে মন্তব্য কৰে।

আজিৰ এই সংবাদমেলত এবছুৰ কেন্ত্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দিনেশ ব্ৰহ্ম, জিলা এবছুৰ সভাপতি কৰ্ণেলিয়াছ দৈমাৰীও উপস্থিত থাকে।

এবছু