সমাগত দুৰ্গা পূজাঃ কি কি নিয়ম মানিব লাগিব সমিতিসমূহে ?

পূজা মণ্ডপত থাকিব লাগিব অগ্নিনিৰ্বাপক সঁজুলিৰ ব্যৱস্থা। শব্দ প্রদূষণৰ নিয়ম মানি চলিব লাগিব সমিতিসমূহে। লগতে আগতীয়াকৈ আৰক্ষীক দাখিল কৰিব লাগিব স্বেচ্ছাসেৱকৰ তালিকা...

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-18 at 3.55.07 PM

ডিজিটেল সংবাদ,গুৱাহাটীঃ  শাৰদীয় দুৰ্গা পূজা লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে ৰাজ্যৰ পূজা সমিতিসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ এইবাৰো দুৰ্গা পূজা আয়োজনৰ ক্ষেত্ৰত সমিতিসমূহে পূৰ্বৰ দৰেই মানিব লাগিব কেতবোৰ নিয়ম ৷

  • শাৰদীয় দুৰ্গোৎসৱ উদযাপন সমিতিলৈ প্রশাসন জাৰি কৰা নিৰ্দেশনা ক্ৰমে-
  • ৰাজহুৱা স্থানত পূজা মণ্ডপ নিৰ্মাণৰ বাবে ল’ব লাগিব প্রশাসনৰ অনুমতি
  • আগতীয়াকৈ দিব লাগিব দুৰ্ঘটনা প্রতিৰোধ ব্যৱস্থাৰ প্রমাণ পত্র
  • দিব লাগিব বৈদ্যুতিক সংযোগ আৰু শব্দ ব্যৱস্থাৰ ফিটনেছ প্রমাণ পত্র
  • পূজা মণ্ডপত থাকিব লাগিব অগ্নিনিৰ্বাপক সঁজুলিৰ ব্যৱস্থা
  • শব্দ প্রদূষণৰ নিয়ম মানি চলিব লাগিব সমিতিসমূহে
  • আগতীয়াকৈ আৰক্ষীক দাখিল কৰিব লাগিব স্বেচ্ছাসেৱকৰ তালিকা
  • মানি চলিব লাগিব যান-বাহনৰ নিয়ম, অৱৰোধ কৰিব নোৱাৰিব পথ
  • জৰুৰীকালীন চিকিৎসা সেৱাৰ ব্যৱস্থা থাকিব লাগিব
  • মূৰ্তি বিসৰ্জনৰ বাবে জিলা প্রশাসনে দিয়া নিয়ম মানি চলিব লাগিব
  • পূজা মণ্ডপসমূহে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব
  • পূজা মণ্ডপৰ আশে-পাশে মাদক দ্রব্যমুক্ত অঞ্চল বুলি ফলক থাকিব লাগিব
  • অনুমতি নোলোৱাকৈ অকৰ্তৃত্বশীলভাৱে শোভাযাত্ৰা উলিয়াব নোৱাৰিব
  • মণ্ডপৰ ১০০ মিটাৰ ব্যাসাৰ্ধত পাৰ্কিং জ’নৰ ব্যৱস্থা কৰিব নোৱাৰিব
  • মূৰ্তি বিসৰ্জনৰ সময়ত ফটকাজাতীয় সামগ্রী ব্যৱহাৰ কৰিব নোৱাৰিব
  • পূজা উদযাপনৰ নামত বলপূৰ্বক বৰঙণি সংগ্রহ কৰিব নোৱাৰিব। 
দুৰ্গা পূজা