ধুবুৰীৰ বীণাপাণি পূজা সংঘৰ ব্যতিক্ৰমী দুৰ্গা পূজাৰ আয়োজন

শাৰদীয় দুৰ্গোৎসৱৰ মাজত মাথোঁ কেইটামান দিন বাকী। শাৰদীয় দুৰ্গা পূজাক লৈ ধুবুৰীতো বিভিন্ন দুৰ্গা পূজাৰ আয়োজক কমিটীৰ মাজত ব্যাপক ব্যস্ততা দেখা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
359

ডিজিটেল সংবাদ, ধুবুৰী : শাৰদীয় দুৰ্গোৎসৱৰ মাজত মাথোঁ কেইটামান দিন বাকী। শাৰদীয় দুৰ্গা পূজাক লৈ ধুবুৰীতো বিভিন্ন দুৰ্গা পূজাৰ আয়োজক কমিটীৰ মাজত ব্যাপক ব্যস্ততা দেখা পৰিলক্ষিত হৈছে।

ধুবুৰী চহৰৰ কলেজ ৰোডস্থিত বীণাপাণি পূজা সংঘই এইবাৰ এক ব্যতিক্ৰমী ৰূপত দুৰ্গা পূজাৰ আয়োজন কৰাৰ বাবে দিনে-নিশাই সংঘৰ কৰ্ম-কৰ্তাসকলে কাম কৰি থকা দেখা গৈছে। এইবেলি দুৰ্গা পূজাত ১৫ হেজাৰ গছপুলি সংঘৰ চৌহদত লৈ আনি "গছেই প্ৰাণ, গছেই জীৱন" এই কথাষাৰ ৰাইজৰ মাজত সজাগতা অনাৰ বাবে প্ৰয়াস চলাব বুলি কৰ্ম-কৰ্তাসকলে জানিবলৈ দিয়ে।

উল্লেখ্য  যে বিগত ২০২৪ বৰ্ষৰ ১৩ ছেপ্টেম্বৰত ভাৰত চৰকাৰে "এক পেড় মা কে নাম" শীৰ্ষক এখন আঁচনি যুগুত কৰিছিল। ভাৰত চৰকাৰৰ এই আঁচনিৰ প্ৰতি উৎসাহিত হৈ বীণাপাণি পূজা সংঘই এইবেলি প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত এনেদৰে পূজা মণ্ডপ সাজিবলৈ অনুপ্ৰাণিত হোৱা বুলি জানিবলৈ দিয়ে। তদুপৰি দশমীৰ পিচদিনা এই পূজা কমিটীৰ কৰ্ম-কৰ্তাসকলে উক্ত ১৫ হেজাৰ গছপুলি ধুবুৰীৰ বিভিন্ন স্কুল, মহাবিদ্যালয় লৈ গৈ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ মাজত বিতৰণ কৰিব বুলি জানিব পৰা গৈছে।

ইতিমধ্যে পূজা কমিটীয়ে দুৰ্গা প্ৰতিমাৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। শাওণ মাহত যি 'সাকম্বৰী' দেৱী পূজা হয় সেই  'সাকম্বৰী' দেৱীৰ ৰূপ এইবাৰৰ দুৰ্গা প্ৰতিমাত স্থান পাইছে । এই সাকম্বৰী হৈছে শাক-পাচলি আৰু প্ৰকৃতিৰ ৰক্ষক। প্ৰকৃতি সুৰক্ষিত থাকিলেহে সমাজ বৰ্তি থাকিব বুলি বীণাপাণি পূজা সংঘৰ অন্যতম কৰ্ম-কৰ্তা অৰিজিৎ ৰায়ে জানিবলৈ দিয়ে।

ধুবুৰী