ডিজিটেল সংবাদ,চামগুৰিঃ দুৰ্গতিনাশিনী মা দুৰ্গাৰ আৰাধনা পূজা সমাগত ।কিন্তু এইবাৰ কভিদসৃষ্ট পৰিৱেশৰ বাবে নাই ৰাজ্যত পূৰ্বৰ দৰে দুৰ্গাপূজাৰ আনন্দ-উল্লাস ।নাই আকৰ্ষণীয় মণ্ডপ নিৰ্মাণৰ প্ৰস্তুতি,সমান্তৰালভাৱে মৃৎ শিল্পী সকলৰ মাজতো নাই পূৰ্বৰ দৰে ব্যস্ততা ।তথাপিও নগাঁৱৰ চামগুৰিৰ গটঙাৰ অতি পুৰণি মূৰ্ত্তিকাৰ প্ৰতিষ্ঠানখনে পূৰ্বৰ তুলনাত নগণ্য সংখ্যক মা দুৰ্গাৰ মূৰ্ত্তি ইতিমধ্যে সাজি উলিয়াইছে ।
যিহেতু দেৱী দুৰ্গাৰ আৰাধনা পূজালৈ মাজত মাথো কেইটামান দিন বাকী আছে গতিকে মৃৎ শিল্পী সকল এতিয়া ব্যস্ত হৈ পৰিছে প্ৰতিমা সমূহত শেষ পৰশ দিয়াত ।আনহাতে এইবাৰ কভিদসৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যত মা দুৰ্গাৰ লগতে অন্যান্য দেৱ-দেৱীৰ পূজা সমূহ পূৰ্বৰ দৰে অনুষ্ঠিত নোহোৱা বাবে চৰম বিপদত পৰিছে চামগুৰিৰ গটঙাৰ মৃৎ শিল্পী সকল।
পূৰ্বে লক ডাউনে একপ্ৰকাৰ জুৰুলা কৰা মৃৎ শিল্পী সকলে বৰ্তমান পৰ্যন্ত কোনো দেৱ-দেৱীৰ মূৰ্তি নিৰ্মাণৰ অৰ্ডাৰ পূৰ্বৰ দৰে লাভ নকৰিলে ।যাৰ বাবে এতিয়া চৰম বিপাঙত পৰিছে মৃৎ শিল্পী সকল ।একমাত্ৰ মৃৎ শিল্পকেই উপাৰ্জনৰ পথস্বৰূপে বাছি লৈ পৰিয়াল পোহপাল দিয়া মৃৎ শিল্পী সকলৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ ।কাৰণ লক ডাউনে জুৰুলা কৰাৰ পাছত মাত্ৰ নগণ্য সংখ্যক মূৰ্ত্তিৰ অৰ্ডাৰ পায় এতিয়া পেটৰ ভাত মুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মৃৎ শিল্পী সকলে ।