নিৰ্বাচনত জয়ী হৈয়ে বালিপোতাত নৱ নিৰ্বাচিত বিধায়ক দূৰ্গাদাস বড়ো…

নিৰ্বাচনত জয়ী হৈয়ে বালিপোতাত নৱ নিৰ্বাচিত বিধায়ক দূৰ্গাদাস বড়ো…

ডিজিটেল সংবাদ, মঙলদৈঃ ৩৫ বছৰ পিছত বিধান সভা নিৰ্বাচনত জয়ী হৈ সমষ্টিৰ ৰাইজৰ মাজত মঙ্গলবাৰে উপস্থিত হ'ল প্ৰাক্তন মন্ত্ৰী তথা ৬৫ নং কলাইগাও বিধান সভা সমষ্টিৰ বিপিএফ দলৰ নৱ নিৰ্বাচিত বিধায়ক দূৰ্গাদাস বড়ো৷ ১৯৮৫ চনতে অসম বিধান সভালৈ পানেৰী সমষ্টিৰ পৰা নিৰ্বাচিত হৈ মন্ত্ৰীত্ব লাভ কৰি সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত আগভাগ লৈছিল৷

অৱশ্যে পিছলৈ তেওঁ কংগ্ৰেছ দলত যোগদান কৰি দলটোৰ কাম কাজ নিয়াৰিকৈ পালন কৰি গৈছিল৷ অৱশ্যে ২০২১ চনৰ বিধান নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দূৰ্গাদাস বড়োই বিপিএফ দলত যোগদান কৰি মহাজোটৰ প্ৰাৰ্থী হিচাপে কলাইগাও সমষ্টিত বিপিএফ দলৰ পৰা টিকট লাভ কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷

বিজেপি দলে আমদানি কৰি অনা প্ৰাৰ্থী গৰাকীক প্ৰায় ৭ হাজাৰ ভোটত পৰাস্ত কৰি বিপিএফৰ দলৰ প্ৰাৰ্থী গৰাকীয়ে ৬০৬০৪ টা ভোট লাভ কৰি বিধায়ক হিচাপে নিৰ্বাচিত হবলৈ সক্ষম হয়৷ বিধায়ক হিচাপে নিৰ্বাচিত হৈয়ে দূৰ্গাদাস বড়োই মঙলবাৰে সমষ্টিটোৰ কলাইগাও ,কাৱাদঙা,বৰবাগান টেঙাবাৰী,ৰাজাপুখুৰী খৈৰাবাৰীৰ লগতে বালিপোতাটো উপস্থিত হৈ সমষ্টিৰ ৰাইজৰ লগত মতবিনিময় কৰি নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ চেষ্টা কৰিব বুলি ব্যক্ত কৰাৰ লগতে মোক ভোট দিয়া নেদিয়া সকলোৰে মই এতিয়া বিধায়ক বুলি বক্তব্য প্ৰদান কৰে৷

বিধায়ক দূৰ্গাদাস বড়োক সংগ দিয়ে প্ৰাক্তন ই এম জগদীশ সৰকাৰ, জিলা কংগ্ৰেছৰ সভাপতি কামেনী ডেকা, সাধাৰণ সম্পাদক কন্দৰ্প কলিতা, জিলা বিপিএফৰ সভাপতি আনচাৰ হুছেইন, ব্লক বিপিএফৰ সভাপতি তাৰেনী ডেকা, যুৱ ব্লক বিপিএফৰ সম্পাদক ৰমেশ ডেকা, যুৱ কংগ্ৰেছৰ নেতা ধনমনি শইকীয়াৰ দুয়োটা দলৰ নেতা কৰ্মী সকল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in