/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/s-5.jpg)
ডিজিটেল সংবাদ, দুমুনিচকীঃ দৰং জিলাৰ দুমুনিচকীস্থিত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত ডিঙিত ছিপ লৈ আত্মহত্যা কৰা সিদ্ধিৰাম ডেকা নামৰ ব্যৱসায়ীজনৰ আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহ পৰিয়ালক চমজায় দিয়া হয়। আজি সন্ধিয়া মৃত সিদ্ধিৰাম ডেকাৰ শেষকৃত সম্পন্ন কৰা হয়। ইফালে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বাথান গাঁও নিবাসী সিদ্ধিৰাম ডেকাই আত্মহত্যা কৰাৰ পূৰ্বে টোকাত লিপিবদ্ধ কৰা তথা টকা দিবলগীয়া থকা আটাইকেইজন লোকক চিনাক্ত কৰি পত্নী দিপিকা ডেকাই আটাই কেইজনৰ বিৰুদ্ধে আজি ছিপাঝাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
দিপিকা ডেকাই এজাহাৰত উল্লেখ কৰা পদকীয়া সকল ক্ৰমে মাৰুৱাচকী নিবাসী ইদ্ৰিছ আলীৰ পুত্ৰ ওৱাচমি ওৰফে ৰাজা, প্ৰয়াত চৰিফ আলীৰ পুত্ৰদ্বয় ক্ৰমে চাইদুল ইছলাম আৰু চফিকুল ইছলাম, খলিহৈ নিবাসী ৰাজেন বড়োৰ পুত্ৰ কৰুণা বড়ো, দুমুনিচকী নিবাসী ক্ৰমে জয়নুৰ আলীৰ পুত্ৰ ইছা আৰু নিয়ামত আলীৰ পুত্ৰ মহিদুলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে।
মৃত ডেকাৰ পত্নী দিপিকা ডেকাই উক্ত আটাই কেইজনে তেওঁৰ স্বামীক টকা দিবলগা থকা বুলি উল্লেখ কৰাৰ লগতে পাবলগীয়া টকা সুধিলে আটাই কেইজনে লগ হৈ দোকানৰ ভিতৰত স্বামীক মাৰধৰ কৰাৰ লগতে অকথ্য শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল বুলি উল্লেখ কৰে। যাৰ বাবে শাৰিৰীক আৰু মানসিক নিৰ্যাতনত অতিষ্ঠ হৈ পৰা সিদ্ধিৰাম ডেকাই অৱশেষত উপায়ন্তৰ হৈ আত্মহত্যাৰ দৰে পথ বাছি লবলগীয়া হয়। ছিপাঝাৰ থানাৰ আৰক্ষীয়ে মৃত ডেকাৰ পত্নীৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।