দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিকৰ পৰীক্ষাকেন্দ্ৰ উঠাই নিয়াৰ ষড়যন্ত্ৰ

কামৰূপ আৰু দৰং জিলাৰ সীমান্তৱৰ্তী অঞ্চল তথা পূব কামৰূপ অঞ্চলৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বৰ্তমানৰ দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা কেন্দ্ৰ উঠাই নিয়াৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে

author-image
Asomiya Pratidin
New Update
185

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলি : কামৰূপ আৰু দৰং জিলাৰ সীমান্তৱৰ্তী অঞ্চল তথা পূব কামৰূপ অঞ্চলৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বৰ্তমানৰ দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা কেন্দ্ৰ উঠাই নিয়াৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। দেশে স্বাধীনতা লাভ কৰাৰ সময়তে বৃহত্তৰ দুমুনিচকী অঞ্চলৰ বিদ্যানুৰাগী লোকসকলৰ প্ৰচেষ্টাত ইং ১৯৪৮ চনত শিক্ষানুষ্ঠানখন স্থাপন কৰা হৈছিল।

Advertisment

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ঐতিহ্যমণ্ডিত দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সম্প্ৰতি শিক্ষা বিভাগে মেট্ৰিকৰ পৰীক্ষা কেন্দ্ৰ উঠাই নিয়াৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। পূৰ্বৰ দুমুনিচকী হাইস্কুল আৰু এতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানখনত বৃহত্তৰ অঞ্চলটোৰ- বাথান, চমুৱাপাৰা, শৰাইঘাট, আল্টা, ক্ষুদ্ৰ শৰাইঘাট, শালমাৰা, দুমুনিচকী, দুমুনিচকী (দৰং) আদি গাঁৱৰ ছাত্ৰ -ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰি আহিছে। 

এনে এখন বিদ্যালয়ৰ পৰা কামৰূপ জিলা শিক্ষা বিভাগে মেট্ৰিকৰ পৰীক্ষা কেন্দ্ৰ উঠাই নিবলৈ প্ৰস্তুতি চলোৱাৰ খবৰ প্ৰচাৰ হোৱাত সমাজ সচেতন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিক্ষা বিভাগৰ মতে মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ বাবে প্ৰয়োজনীয় পৰীক্ষাৰ্থী সংখ্যা কমি আহিছে দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত।

তেনে অজুহাতত দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰা মেট্ৰিক পৰীক্ষা কেন্দ্ৰটো উঠাই নি ৩ কিলো মিটাৰতকৈও অধিক আঁতৰত থকা বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত সংলগ্ন কৰাৰ যো-জা চলিছে। জানিব পৰা মতে দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত এইবাৰ পৰীক্ষাৰ্থীৰ সংখ্যা ১৪৪ গৰাকী ।

শালমাৰা গোপালথান হাইস্কুল, মালিবাৰী পূব কামৰূপ হাইস্কুল , তিতকুছি হাইস্কুলৰ উপৰিও দুমুনিচকীৰ ব্ৰহ্মপুত্ৰ বিজ্ঞান বিদ্যালয় নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলেও পৰীক্ষা দি আহিছে দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত। কামৰূপ আৰু দৰং জিলাৰ দুমুনিচকী অঞ্চলৰ যথেষ্ট ভিতৰুৱা গাঁওসমূহৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে যথেষ্ট সুবিধাজনক দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰ উঠাই নিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে অঞ্চলটোৰ শৈক্ষিক সমাজে।

শিক্ষাৰ্থী সকলৰ বাবে এয়া হঠকাৰী সিদ্ধান্ত বুলি অঞ্চলটোৰ শৈক্ষিক সমাজে মত প্ৰকাশ কৰিছে। মেট্ৰিকৰ পৰীক্ষা কেন্দ্ৰ উঠাই নিলে দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ধৰি আটাইকেইখন ফিদাৰ বিদ্যালয়ৰ শৈক্ষিক দিশত যথেষ্ট বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা দেখা দিব পাৰে।

আন এক তথ্য অনুসৰি দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুবছৰে উচ্চতৰ মাধ্যমিক শ্ৰেণীত শিক্ষাৰ্থীৰ সংখ্যা শূণ্য। প্ৰয়োজনীয় আন্তঃগাথঁনি আৰু বিষয় শিক্ষকৰ অভাৱত দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুটা বছৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি হোৱা নাই।

এয়া চৰকাৰী শিক্ষা ব্যৱস্থাৰ বাবে এক হতাশজনক তথ্য পোহৰলৈ আহিছে। শিক্ষা বিভাগৰ যুগান্তকাৰী পদক্ষেপৰ এক বিপৰীত ছবি দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দৃশ্যমান হ'বলৈ ধৰিছে।

শিক্ষা বিভাগে প্ৰয়োজনীয় আন্তঃগাঁথনি উন্নয়ন আৰু বিষয় অনুসৰি বিষয় শিক্ষক, শিক্ষয়িত্ৰী নিযুক্তি নিদিয়াৰ ফলস্বৰূপে দুবছৰে উচ্চতৰ মাধ্যমিক শ্ৰেণীত শিক্ষাৰ্থীৰ সংখ্যা শূণ্যলৈ নামি অহা বুলি মত পোষণ কৰিছে শৈক্ষিক সমাজে। উল্লেখ্য যে চাৰি বছৰ পূৰ্বে অসম চৰকাৰৰ এক আদেশ মৰ্মে ৰাজ্যৰ আন কেইবাখনো উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে দুমুনিচকী হাইস্কুলখনো উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰি দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে স্বীকৃতি দিছিল।

বাইহাটা চাৰিআলি