/asomiyapratidin/media/media_files/2025/11/02/1-2025-11-02-21-33-01.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: নৱ নিৰ্মিত মাছখোৱা- ঢকুৱাখনা লোকনিৰ্মাণ পথৰ ভগামুখ তিনিআলিত দেওবাৰে সন্ধিয়া সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। সন্ধিয়া প্ৰায় ৬ বজাত মাছখোৱা দিশৰ পৰা ঢকুৱাখনা দিশে আহি থকা এখন ডাম্পাৰে AS 07 U 6451 নম্বৰৰ এখন স্কুতিৰে আহি থকা এগৰাকী ব্যক্তিক খুন্দিয়াই গুৰুতৰভাবে জখম কৰে ।
জখম হোৱা ব্যক্তি গৰাকী ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত জিয়ামৰীয়া গাঁৱৰ কুমুদ দত্ত (৪৫)। ডাম্পাৰৰ খুন্দাত উফৰি পৰা দত্তক ক্ষিপ্ৰতাৰে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
ঘটনাৰ বিৱৰণী মতে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ কৰ্মচাৰী দত্তই অনিয়ন্ত্ৰিত হৈ স্কুতিৰে ৰাজপথত অতিক্ৰম কৰাৰ সময়তে একে দিশৰ পৰা আহি থকা AS 07 AC 6253 নম্বৰৰ ডাম্পাৰখনে খুন্দিয়াই গুৰুতৰ ভাবে আহত কৰে।
প্ৰত্যক্ষদৰ্শী ৰাইজে জনোৱা মতে অনিয়ন্ত্ৰিত অৱস্থাত আহি দত্তই সৃষ্টি কৰা পৰিস্থিতিৰ বাবে মৰ্মান্তিক মৃত্যুক আঁকোৱালি লব লগা হয়। কিন্তু একাংশ ৰাইজে তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই এনে মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে।
ৰাইজৰ তৎপৰতাত ডাম্পাৰখন ৰাখি ঘটনা সংঘটিত হোৱাৰ পাছত ডাম্পাৰ চালক গৰাকীয়ে গাড়ী ৰখাই আহত গৰাকীক চিকিৎসালয়লৈ নিয়াৰ বাবে স্থানীয় ৰাইজক খাটনি ধৰে। পাছত চালক গৰাকীয়ে ঢকুৱাখনা সদৰ থানাত আত্মসমৰ্পণ কৰে।
ঢকুৱাখনা ন্যায়িক দণ্ডাধীশ কাৰ্য্যালয়ৰ কৰ্মচাৰী গৰাকীৰ অকাল মৃত্যুত সমগ্ৰ ঢকুৱাখনা সমজিলাত শোকৰ ছাঁ পৰিছে। শোকত ভাগি পৰিছে ন্যায়িক দণ্ডাধীশ কাৰ্য্যালয়ৰ সমূহ কৰ্মচাৰী। ঢকুৱাখনা আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰে বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীৰ নিৰপেক্ষ তদন্ত যদি হয় প্ৰকৃত তথ্য পোহৰলৈ আহিব। স্থানীয় ৰাইজে মৃতকৰ ন্যায় প্ৰাপ্তিৰ কামনা কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us