/asomiyapratidin/media/media_files/2025/12/19/new-ap-web-3-25-2025-12-19-18-04-37.jpg)
ডিজিটেল ডেস্কঃ জয়ানগৰস্থিত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যালয়ত দুলু আহমেদে সংবাদমেল অনুষ্ঠিত কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত এই সংবাদমেল সম্বোধন কৰা হয়। জুবিন গাৰ্গৰ মৃত্যু ঘটনাই দিনক দিনে লৈছে নতুন মোৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/images-10-2025-12-19-17-48-28.jpg)
উল্লেখ্য যে, সংবাদমেল সম্বোধন কৰি দুলু আহমেদে বহু কেইটা কথা উল্লেখ কৰে। তেওঁ কয় যে- মুখ্যমন্ত্ৰীয়ে প্ৰথমে সংবাদমেল যোগে সাধাৰণ মৃত্যু বুলি ক'লে পিছত কয় জুবিন গাৰ্গক হত্যা কৰা হৈছে। ইপিনে আকৌ পাছত বিধানসভাত ক'লে এজনে হত্যা কৰিলে চাৰি জনে সহায় কৰিলে। ১০৩ আৰু ১০৬ যদিহে এই ৫ জনৰ লগত সংযোজিত হয় তেন্তে কিয় ১১ গৰাকী প্ৰবাসী অসমীয়াৰ লগত এই ধাৰা সংযোজন হোৱা নাই। ছিংগাপুৰ আৰক্ষীৰ এটা ৰিপৰ্টত জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু আছিল। কিন্তু তদন্ত চলি আছে ফেব্ৰুৱাৰীত ইয়াৰ ৰিপৰ্ট দিব। সেই ১১ গৰাকীক আৰক্ষীয়ে সুৰক্ষা দিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে চৰ্চিত কথা গম পাইছে। আজিলৈকে অসম চৰকাৰ বা আৰক্ষীয়ে ছিংগাপুৰ আৰক্ষীক জনোৱা নাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/images-11-2025-12-19-17-49-04.jpg)
অসম চৰকাৰে লাজ পাব লাগে,SIT য়ে লাজ পাব লাগে। গম পাব লাগিছিল চৰকাৰ,SIT ৰ পৰা কিন্তু গম পাইছে সংবাদ মাধ্যমৰ পৰা। এইটো জুবিন গাৰ্গৰ মৃত্যু,ৰাইজে সহজে মানি নলয়। জুবিন গাৰ্গক নিচাযুক্ত অৱস্থাত লাইফ জেকেট নিপিন্ধাকৈ পানীত নামিব দিয়াৰ লগতে পানীত সাঁতুৰিবলৈও উচতনি দিছিল। পানীত ডুবি থকা সময়ত বচাবলৈ এৰি ভিডিঅ' কৰি আছিল। য়ট পাৰ্টিত থকা সকলে নিজৰ ব্যক্তিগত বাহনৰে জুবিনক লৈ যাব লাগিছিল চিকিৎসালয়লৈ। তেওঁলোকে জুবিন গাৰ্গ মৃত্যু হোৱা বুলি গম পাম এম্বুলেন্সৰ কাৰণে ৰৈ আছিল। ছিংগাপুৰৰ ১১ গৰাকীৰ নাম চাৰ্জশ্বিটত আনিব লাগিছিল। ছিংগাপুৰ আৰক্ষীয়ে যদি ফাইনেল ৰিপৰ্টত কোনো জড়িত নাই বুলি কয় তেন্তে অসমৰ আদালতে কি ক'ব। সমগ্ৰ ঘটনাটো ছিংগাপুৰতে হৈছিল। যদি অখিল গগৈয়ে দিয়া চাৰ্জশ্বিট খন সঁচা হয় তেন্তে মুখ্য মন্ত্ৰীয়ে তদন্ত কৰক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/images-11-2025-12-19-17-49-47.jpg)
তেওঁ লগতে কয় যে- এই গোচৰৰ ভৱিষ্যত কি হয় কোনেও নাজানে। দুখন দেশৰ মত বেলেগ বেলেগ। আমি প্ৰত্যেক জিলাই জিলাই এখন পেড দিম। যি সকলে এই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰে তেওঁলোকে চহী কৰি দিব।এই মাহৰ ভিতৰত এইখন ছিংগাপুৰ আৰক্ষীলৈ প্ৰেৰণ কৰিম। দুই খন দেশৰ তদন্ত বেলেগ বেলেগ হলে কত জুবিন গাৰ্গ ন্যায় পাব। এনেদৰে সংবাদমেলত দুলু আহমেদে ক' লে বহু কথা ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us