ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত উজলিল গড়গাঁও মহাবিদ্যালয়...

দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৫–২৬ত গড়গাঁও মহাবিদ্যালয়ে সৰ্বমুঠ ১৪ টা শিতানত পুৰস্কৃত হৈ তৃতীয় শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দুলীয়াজানমহাবিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৫–২৬ত গড়গাঁও মহাবিদ্যালয়ে সৰ্বমুঠ ১৪ টা শিতানত পুৰস্কৃত হৈ তৃতীয় শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়ৰ দলটিয়ে সাংস্কৃতিক শোভাযাত্ৰাত 'অসমীয়া লোকসংস্কৃতিৰ হেৰাই যোৱা উপাদানসমূহ' শীৰ্ষক বিষয়বস্তু উপস্থাপনেৰে  দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। 

WhatsApp Image 2026-02-01 at 5.18.26 PM

তদুপৰি পোষ্টাৰ অংকনত প্ৰিন্সিপ্ৰিয়া বৰাই প্ৰথম স্থান,পেঁপা বাদন প্ৰতিযোগিতাত উজ্জ্বল শেনচোৱাই প্ৰথম স্থান, একক লোকগীতত কল্পজ্যোতি হাতীমূৰীয়াই দ্বিতীয় স্থান, আল্পনা প্ৰতিযোগিতাত পূৰৱী গগৈয়ে দ্বিতীয় স্থান, বাঁহী বাদন প্ৰতিযোগিতাত ৰাহুল দাসে তৃতীয় স্থান, আধুনিক গীত আৰু পাৰ্বতী প্ৰসাদৰ গীতত জ্যোতিশিখা কাকতিয়ে বিচাৰকৰ বিশেষ বঁটা, সত্ৰীয়া নৃত্যত ৰিতম গগৈ আৰু পশ্চিমীয়া কণ্ঠসংগীতত নেনচী গগৈয়ে বিচাৰকৰ বিশেষ বঁটা, একাংক নাট প্ৰতিযোগিতাত মহাবিদ্যালয়ৰ নাট্যদলৰ অন্যতম সদস্য জুমন চেতিয়াই 'বিবেক' চৰিত্ৰত কৰা অভিনয়ৰ বাবে বিচাৰকৰ বিশেষ বঁটা আৰু দলীয় গীতত  নিবিৰ নয়ন কোঁৱৰ, কল্পজ্যোতি হাতীমূৰীয়া, ৰাজৰত্নম কাকতি, নেনচী গগৈ, জ্যোতিশিখা কাকতি আৰু উৰ্মিমালা গগৈয়ে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। 

WhatsApp Image 2026-02-01 at 5.18.26 PM (1)

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয় এন.এছ.এছ.ৰ তৰফৰপৰা শ্ৰেষ্ঠ এন.এছ.এছ. স্বেচ্ছাসেৱক হিচাপে গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰী ৰিচাশ্ৰী চেতিয়াক সন্মানিত কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই  যুৱ মহোৎসৱত মহাবিদ্যালয়খনৰ ধাৰাবাহিক সফলতাৰ বাবে আনন্দ প্ৰকাশ কৰি  দলটিলৈ অভিনন্দন জনাই কয় যে এই সাফল্য মহাবিদ্যালয়খনৰ সাংস্কৃতিক উৎকৰ্ষ আৰু শিক্ষাৰ্থীসকলৰ সৃজনশীল প্ৰতিভা তথা দক্ষতাৰ পৰিচায়ক। তেখেতে এই সফলতাৰ আঁৰত বিশেষ ভূমিকা গ্ৰহণ কৰা শিক্ষক তত্ত্বাৱধায়ক ড° মিণ্টু গগৈ, ড° দীপাংকৰ বুঢ়াগোহাঁই,অংকিকা দত্ত, ৰেজিনা বড়া;  সংগীত প্ৰশিক্ষক প্ৰবীণ মহন, লোকবাদ্য আৰু লোকগীতৰ প্ৰশিক্ষক  ৰূপম হাতীমূৰীয়া,  নাটকৰ প্ৰশিক্ষক উদীপ্ত বৰগোহাঁই, অজনাভ বেজবৰুৱা আৰু অংশুমান সভাপণ্ডিতৰ লগতে ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকললৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰে ।

WhatsApp Image 2026-02-01 at 5.18.25 PM (1)

দুলীয়াজান