/asomiyapratidin/media/media_files/2025/06/27/dfdfdf-2025-06-27-16-52-14.jpg)
ডিজিটেল সংবাদ ,নগাঁও: নগাঁও কলেজ (অট’নমাচ)ৰ দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা তথা অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ দেৱব্ৰত দাস।
মুখ্য অতিথিৰ ভাষণত ড০ দাসে নগাঁও কলেজৰ সহযোগত আৰু নগাঁও জিলাৰ বিশিষ্ট শল্য চিকিৎসক মুকুট গোস্বামীৰ প্ৰচেষ্টাত উন্নত মানৰ গৱেষণাৰ বাবে গৱেষকক উৎসাহিত কৰিবলৈ প্ৰদান কৰা দুলাল চন্দ্ৰ গোস্মামী স্মাৰক বঁটা প্ৰদান এক ব্যতিক্ৰমী পদক্ষেপ বুলি উল্লেখ কৰে। দুলাল চন্দ্ৰ গোস্বামী বঁটা লাভ কৰা গৱেষকসকলক তেওঁলোকৰ উন্নত মানৰ গৱেষণাৰ বাবে প্ৰশংসা কৰে আৰু সকলোকে অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ গৱেষণাই সমাজত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিব বুলি উল্লেখ কৰে। এই বঁটা প্ৰদান অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে কলেজৰ অধ্যক্ষ ড০ পুলিন চন্দ্ৰ বৰাই। দুলাল চন্দ্ৰ গোস্বামীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে আৰম্ভ হোৱা বঁটা প্ৰদান অনুষ্ঠানত গ্ৰন্থ উন্মোচক হিচাপে অংশগ্ৰহণ কৰে নগাঁও কলেজ (অট’নমাচ) ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ শৰৎ বৰকটকী।
অনুষ্ঠানত ড০ বৰকটকীয়ে ড০ ভুৱন চন্দ্ৰ চুতীয়া আৰু ড০ প্ৰশান্ত খনিকৰৰ সম্পাদনাত প্ৰকাশিত “Trends and Issues in Quality of higher Education in India with special reference to North East India” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে। বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে কলেজৰ পৰিচালনা সমিতিৰ সভাপতি ড০ শৰৎ দত্ত। ড০ দত্তই বঁটা প্ৰাপকসকলক অভিনন্দন জ্ঞাপন কৰে। ২০২৪ বৰ্ষৰ দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা লাভ কৰে- নগাঁও মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ গৱেষিকা প্ৰিয়াক্ষী মঞ্জুৰী ভূঞা, প্ৰাণীবিজ্ঞান বিজ্ঞান বিভাগৰ গৱেষক-গৱেষিকা ক্ৰমে- নীৰজ বৰা আৰু পুষ্পাক্ষী বৰাই।
ইফালে, দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটাৰ দাতা চিকিৎসক মুকুট গোস্বামীয়ে নগাঁও কলেজৰ লগত থকা তেখেতৰ আত্মিক সম্পৰ্কৰ কথা অৱগত কৰে।গৱেষকসকলক তেখেতে জ্ঞানৰ অন্বেষণ, সত্যৰ সাধনা কৰি সাফল্যৰ উচ্চ শিখৰত উপনীত হ’বলৈ আহ্বান জনায়। নগাঁও মহাবিদ্যালয় অধ্যয়ন আৰু গৱেষণাৰ মন্দিৰ হওক বুলিও কৰে মন্তব্য। একেদৰে গোস্বামীৰ সহধৰ্মিনী বিভা দেৱীয়ে অনুষ্ঠানত উপস্থিত থাকি আজিৰ দিনটো তেওঁলোকৰ পৰিয়ালৰ বাবে আনন্দৰ দিন আৰু এনে মহান কামৰ বাবে নগাঁও কলেজে সুবিধা দিয়াৰ বাবে নগাঁও কলেজক ধন্যবাদ জ্ঞাপন কৰে।
এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে- নগাঁও জিলাৰ বিশিষ্ট সমাজ কৰ্মী নৌচাদ হাজৰিকা , মণ্জুৰাণী ভূঞা , নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, উপাধ্যক্ষ, অধ্যাপক-অধ্যাপিকা, গৱেষক-গৱেষিকা আৰু দুই শতাধিক ছাত্ৰ-ছাত্ৰী । শেষত নগাঁও কলেজ (অট’নমাচ) ৰ শৈক্ষিক সচিব ড০ ফাৰিস্তা য়াচমিনে শলাগৰ শৰাই আগবঢ়ায়।