/asomiyapratidin/media/media_files/2026/03/04/227-2026-03-04-22-09-50.jpg)
ডিজিটেল সংবাদ, ধেমাজি : কংগ্ৰেছ দলে নিজস্বভাৱে ৪২ টা সমষ্টিত প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিছতে ৰাইজৰ দলেও বুধবাৰে ১১টা সমষ্টিত প্ৰাৰ্থিত্ব ঘোষণা কৰে। ইয়াৰ পিছতো মিত্ৰতাক লৈ এশ শতাংশই আশাবাদী ৰাইজৰ দলৰ সম্পাদক দুলাল চন্দ্ৰ বৰুৱা ৷
ৰাইজৰ দলৰ ৭৯ নং চিচিবৰগাওঁ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী দুলাল চন্দ্ৰ বৰুৱাই টিকট লাভ কৰি বুধবাৰে ধেমাজিত সাংবাদিকৰে মুখামুখি হোৱা পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়- বিধায়ক হিচাপে জয়ী হ'লে প্ৰথম কাম হিচাপে বানপানী , গৰাখহনীয়া , মথাউৰি নিৰ্মানকে ধৰি কেতবোৰ কাম কৰিব।
নতুন সমষ্টিটোত হৈ থকা সীমাহীন সমস্যাৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলৰ উদ্যোগ, চাকৰি আৰু কৰ্মসংস্থাপন ক্ষেত্ৰতো গুৰুত্ব দিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us