/asomiyapratidin/media/media_files/2026/02/13/119-2026-02-13-10-09-21.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰ : নগাঁৱৰ বঢ়মপুৰৰ শুকানজুৰিত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে। বঢ়মপুৰৰ শুকানজুৰিত বিগত ৭দিন ধৰি বিচৰণ কৰিছে আঘাতপ্ৰাপ্ত বন্যহস্তীটোৱে।
আগফালৰ বাওঁঠেংত আঘাতৰ চিন স্পষ্ট হৈ আছে বন্যহস্তীটোৰ। এতিয়া ৰাইজে আঘাতপ্ৰাপ্ত বন্যহস্তীটোক যোগান ধৰিছে কলগছ আৰু ফল-মূল।
উল্লেখ্য যে নগাঁৱৰ চাপানলাৰ প্ৰকৃতিপ্ৰেমী যুৱক তথা হাতী বন্ধু সংগঠনৰ বিষয়ববীয়া বিনোদ দুলু বৰাৰ তৎপৰতাত কঠিয়াতলী আঞ্চলিক বন বিষয়া কাৰ্যালয়ে বন্যহস্তীটোক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছে। আনপিনে শুকানজুৰিত আঘাতপ্ৰাপ্ত হৈ থকা বন্যহস্তীটোৰ আঘাটৰ কাৰণ কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও প্ৰাথমিক অৱস্থাত জাকৰ মাজত হোৱা সংঘৰ্ষৰ বাবেই হাতীটো আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us