/asomiyapratidin/media/media_files/2026/01/06/1-2026-01-06-12-58-01.jpg)
ডিজিটেল ডেস্কঃ বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। ঘন কুঁৱলীয়ে আগুৰি ধৰিছে ৰাজ্য। শীতৰ তীব্ৰতা বৃদ্ধি পোৱাৰ লগে লগে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে ছাত্ৰ-ছাত্ৰীসকলে। শীতজনিত পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্রহণ কৰা হৈছে।
শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে বন্ধ ঘোষণা কৰা হৈছে ৰাজ্যৰ কেইবাখনো জিলাৰ শিক্ষানুষ্ঠান। প্ৰচণ্ড শীতৰ বাবে ধুবুৰী জিলাৰ সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/whatsapp-image-2026-01-06-12-58-58.jpeg)
উল্লেখ্য যে, অহা ৭ জানুৱাৰী ৰ পৰা ১০ জানুৱাৰীলৈ বন্ধ থাকিব ধুবুৰী জিলৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়। ধুবুৰী জিলা শিক্ষা বিভাগে জাৰী কৰিছে এই নিৰ্দেশনা। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, পৰীক্ষা চলি থকা বিদ্যালয়সমূহৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ'ব বুলি উল্লেখ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/whatsapp-image-2026-01-06-12-59-20.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us