নিখিল ৰাভা মহিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী হিমা ৰাণী ৰাভাৰ দেহাৱসান

ৰাভা জনগোষ্ঠীৰ অগ্ৰণী জাতীয় সংগঠন নিখিল ৰাভা মহিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী হিমা ৰাণী ৰাভাই আজি পুৱা ৫.৪০ বজাত ইহঃলীলা সম্বৰণ কৰে। গোৱালপাৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ৰাভা মহিলা নেতৃগৰাকী৷

author-image
Asomiya Pratidin
New Update
himann WhatsApp Imag

ডিজিটেল সংবাদ, দুধনৈ: ৰাভা জনগোষ্ঠীৰ অগ্ৰণী জাতীয় সংগঠন নিখিল ৰাভা মহিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী হিমা ৰাণী ৰাভাই আজি পুৱা ৫.৪০ বজাত ইহঃলীলা সম্বৰণ কৰে। গোৱালপাৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ৰাভা মহিলা নেতৃগৰাকী৷ যোৱা ১৬ জানুৱাৰীত তেওঁ অসুস্থ হৈ  চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

তেওঁৰ মৃত্যুৰ পাছত ৰাভা জাতীয় সংগঠনৰ লগতে অজস্ৰ গুণমুগ্ধই দুধনৈৰ ঠেকাচুস্থিত তেওঁৰ বাসগৃহত আহি সমৱেত হয় আৰু শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই।

ইফালে, নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতিৰ কেন্দ্ৰীয় তথা জিলা সমিতিৰ নেতৃত্বৰ লগতে নিখিল ৰাভা সাহিত্য সভা, ঠেকাচু মৌজা সমিতি, ষোল্ল ঘৰীয়া জ্ঞাতিৰ লগতে ৰাভা জাতীয় সামাজিক সংগঠন সমূহে ৷ ১৯৮০ চনত গোৱালপাৰা মহাবিদ্যালয়ত গঠন হোৱা নিখিল ৰাভা ছাত্ৰ সন্থাৰ তেওঁ  প্ৰতিস্থাপক কাৰ্যকৰী সদস্যা হিচাপে কাৰ্যনিৰ্বাহ  কৰাৰ পিছৰে পৰাই হিমা ৰাণী ৰাভাই ৰাভা জাতীয় সংগ্ৰামৰ প্ৰতিটো কাৰ্যসূচী ৰূপায়ন কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছিল।

১৯৯৩ চনত গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদ গঠনৰ সময়তো তেওঁ উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে৷ পৰৱৰ্তী সময়ত তেওঁ জিলা সমিতিৰ নেতৃত্ব গ্ৰহণ কৰে৷ উল্লেখ্য যে, তেওঁ ২০০৪ চনৰ পৰা নিখিল ৰাভা মহিলা পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদিকাৰ দায়িত্ব পালন কৰাৰ পাছত ২০০৯ চনৰ পৰা ২০২০ চনলৈ সুদীৰ্ঘ ১২ বছৰ কাল নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰীৰ দায়িত্ব পালন কৰি ৰাভা জাতিৰ উত্তৰণৰ বাবে কাম কৰি গৈছিল।

উল্লেখ্য যে,  হিমা ৰাণী ৰাভাৰ নেতৃত্বতে নিখিল ৰাভা মহিলা পৰিষদৰ ৰূপালী জয়ন্তী বৰ্ষটি দুধনৈ জনমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছিল। আজি তেওঁৰ নশ্বৰদেহ পুষ্প সজ্জিত বাহনেৰে  ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ সচিবালয়লৈ নিয়া হয় আৰু সচিবালয়ত সচিবালয়ৰ বিষয়া,কৰ্মচাৰী সকলে শেষ শ্ৰদ্ধা নিবেদন কৰে৷  

ইয়াৰোপৰি নিখিল ৰাভা মহিলা পৰিষদৰ উদয়পুৰস্থিত মুখ্য কাৰ্যালয়, নিখিল ৰাভা সাহিত্য সভাৰ কাৰ্যালয়, নিখিল ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়, ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ্য কাৰ্যালয়ত তেওঁৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ তদুপৰি দুধনৈ জনমন্দিৰ প্ৰাংগণত দুধনৈ উন্নয়ন কমিটি, দুধনৈ সমবায় সমিতি, দুধনৈ কেন্দ্ৰীয় মহিলা কমিটি, দুধনৈ ব্যৱসায় সন্থা, দুধনৈ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জনোৱা হয়।

আনহাতে, বায়খো হুৰি, অসমৰ সভাপতি প্রকাশ ৰাভাই হিমা ৰাভাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। আবেলি ১.৩০ বজাত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত দুধনৈৰ ৰাজহুৱা স্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ স্বামী কুশধ্বজ ৰংখ (ষষ্ঠ অনুসূচী দাবী সমিতিৰ প্ৰাক্তন সভাপতি), পুত্ৰ, আত্মীয়-স্বজনৰ লগতে অজস্ৰ গুণমুগ্ধক ইহঃসংসাৰত এৰি থৈ যায়।

ৰাভা