ব্ৰিটিছ ৰাজ পৰিয়ালৰ আটাইতকৈ বয়সীয়াল সদস্য কেণ্টৰ ডাচেছ কেথেৰিন আৰু নাই

ব্ৰিটিছ ৰাজ পৰিয়ালৰ আটাইতকৈ বয়সীয়াল সদস্য কেণ্টৰ ডাচেছ কেথেৰিনৰ মৃত্যু। শুকুৰবাৰে বাকিংহাম পেলেছে এক ঘোষণাৰ জৰিয়তে এই  বিষয়ে অৱগত কৰিছে।

author-image
Asomiya Pratidin
New Update
ব্ৰিটিছ ৰাজকীয় পৰিয়ালৰ আটাইতকৈ বয়সীয়াল সদস্য কেণ্টৰ ডাচেছ কেথেৰিন আৰু নাই

ডিজিটেল ডেস্কঃ ব্ৰিটিছ ৰাজ পৰিয়ালৰ আটাইতকৈ বয়সীয়াল সদস্য কেণ্টৰ ডাচেছ কেথেৰিনৰ মৃত্যু। শুকুৰবাৰে বাকিংহাম পেলেছে এক ঘোষণাৰ জৰিয়তে এই  বিষয়ে অৱগত কৰিছে। কেথেৰিন আছিল তৃতীয় ৰাণী এলিজাবেথৰ খুলশালীয়েক। তেওঁৰ স্বামী আছিল কেণ্টৰ ড্যুক প্ৰিন্স এডৱাৰ্ড। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ।

জানিব পৰা মতে, বৃহস্পতিবাৰে লণ্ডনৰ কেনচিংটন পেলেচত কেথেৰিনে শেষ নিশ্বাস ত্যাগ কৰে।তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া শেষ নোহোৱালৈকে ৰাজ পৰিয়ালে শোক প্ৰকাশ কৰিব বুলি ঘোষণা কৰা হৈছে। ১৯৬১ চনত কেথেৰিন বিবাহপাশত আবদ্ধ হৈছিল।

তেতিয়াৰ পৰাই তেওঁ ৰাজপৰিয়ালৰ সদস্য। ৰাজকুমাৰ এডৱাৰ্ড উত্তৰ ইংলেণ্ডত নিয়োজিত আছিল। সেই সময়ৰ পৰাই তেওঁলোকৰ প্ৰেম আৰম্ভ হৈছিল। তাৰ পিছত দুয়োৰে বিবাহ সম্পন্ন হয়।

ৰাজপ্ৰসাদৰ পৰা জাৰি কৰা বিবৃতিত কোৱা হৈছে যে, "ৰজা আৰু ৰাণীয়ে ৰয়েল ফেমিলিৰ সকলো সদস্যৰ সৈতে কেণ্টৰ ড্যুক, তেওঁৰ সন্তান আৰু নাতি-নাতিনীৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। আৰু ডাচেছৰ আজীৱন দাতব্য কৰ্মৰ প্ৰতি সমৰ্পিত, সংগীতৰ প্ৰতি থকা তেওঁৰ আকৰ্ষণ আৰু যুৱক-যুৱতীসকলৰ প্ৰতি থকা তেওঁৰ মমতাক স্মৰণ কৰিছে।" ইহসংসাৰত কেথেৰিনে তিনি সন্তান আৰু দহজন নাতি-নাতিনীক এৰি থৈ গৈছে।

উল্লেখ্য যে, উইম্বলডনৰ চিনাকি মুখ আছিল কেথৰিন। ১৯৬৯ চনৰ পৰাই কেথেৰিনে উইম্বলডনলৈ আহিবলৈ আৰম্ভ কৰিছিল। তেওঁৱেই প্ৰতিযোগিতাৰ ট্ৰফী বিজয়ীসকলৰ হাতত তুলি দিছিল।

উইম্বলডনৰ ইতিহাসত কেথৰিনৰ আছে বহু স্মৰণীয় মুহূৰ্ত। ১৯৯৩ চনত মহিলাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত চেক খেলুৱৈ জানা নভটনা কান্দোনত ভাঙি পৰাৰ সময়ত কেথৰিন তেওঁৰ কাষলৈ চাপি গৈছিল আৰু কেথৰিনৰ কান্ধতেই মূৰ গুজি জানা নভটনাই কান্দি থকা দৃশ্য বিশ্বৰ সকলো সংবাদ মাধ্যমতেই গুৰুত্ব পাইছিল।

পৰাজিত নভটনাক কেথেৰিনে যিদৰে সান্তনা দিছিল সেই দৃশ্যই কেথৰিনৰ মমতাক তুলি ধৰিছিল। অৱশ্যে ১৯৯৯ চনৰ পৰা উইম্বলডনৰ সৈতে তেওঁৰ সম্পৰ্কৰ অৱনতি ঘটে। সেই সময়ত তেওঁক বন্ধুৰ পুত্ৰৰ সৈতে ৰয়েল বক্সত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। যিয়ে বিতৰ্কৰো সূচনা কৰিছিল। ক্ৰীড়াৰ উপৰিও কেথেৰিনৰ সংগীতৰ প্ৰতিও আছিল গভীৰ প্ৰেম। উত্তৰ ইংলেণ্ডৰ এখন বিদ্যালয়ত বহু বছৰ ধৰি সংগীতৰ অধ্যাপনাও কৰিছিল।

ইংলেণ্ড ব্ৰিটেইন