মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা বদলি DSP কুশ চন্দ্ৰ দেউৰীক

হানগৰীত কৰ্মৰত কুশ চন্দ্ৰ দেউৰীৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে আনিছিল গুৰুতৰ অভিযোগ। বিবাহৰ প্ৰলোভনেৰে যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়াৰ অভিযোগ উত্থাপন হৈছিল বিবাহিত দেউৰীৰ বিৰুদ্ধে।

author-image
Asomiya Pratidin
New Update
hjhj

ডিজিটেল ডেস্কঃ  বিতৰ্কিত উপ আৰক্ষী অধীক্ষক কুশ চন্দ্ৰ দেউৰীক মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা বদলি কৰা হৈছে । ২৬ নং এপি বিএন লৈ বদলি কৰিছে দেউৰীক। মহানগৰীত কৰ্মৰত কুশ দেউৰীৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে আনিছিল গুৰুতৰ অভিযোগ।

Advertisment

বিবাহৰ প্ৰলোভনেৰে যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়াৰ অভিযোগ উত্থাপন হৈছিল বিবাহিত দেউৰীৰ বিৰুদ্ধে। কৰ্কট ৰোগত পত্নীৰ মৃত্যুৰ পিছতে যুৱতীগৰাকীক বিয়া কৰোৱাৰ প্ৰতিশ্রুতি দিছিল আৰক্ষী বিষয়াগৰাকীয়ে। 

পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা শুধিলেই যুৱতীগৰাকীক ধমক দিয়াৰো অভিযোগ উত্থাপন কৰিছিল ভুক্তভোগী যুৱতীয়ে। উল্লেখ্য যে, ২ ফেব্ৰুৱাৰীত দেউৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল যুৱতীগৰাকীয়ে।

কুশ চন্দ্ৰ দেউৰী