মিজোৰামৰ ম্যানমাৰ‌ সীমান্তত‌ নিচাজাতীয় সামগ্ৰী জব্দ

মিজোৰামৰ ম্যানমাৰ‌ সীমান্তত‌ এখন‌ বলেৰ' বাহনত‌ যুটীয়া অভিযান চলাই হেৰ'ইন ভৰ্তি ৬৩৮ টা চাবোনৰ বাকচ জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
new ap web 2 (37)

ডিজিটেল সংবাদ,শিলচৰঃ  চুবুৰীয়া ৰাজ্য মিজোৰামত  নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ৰেকেট উৎখাত কৰে নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো আৰু অসম ৰাইফলছে। মিজোৰামৰ ম্যানমাৰ‌ সীমান্তত‌ এখন‌ বলেৰ' বাহনত‌ যুটীয়া অভিযান চলাই হেৰ'ইন ভৰ্তি ৬৩৮ টা চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ৭ কেজি ৩১২ গ্ৰাম হেৰ'ইন জব্দ কৰে। 

2 (20)

জব্দ কৰা হেৰ'ইন খিনিৰ আন্তঃৰাষ্ট্ৰীয় ক'লা বজাৰত মূল্য ১৫ কোটি টকা বুলি সদৰী কৰিছে নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোয়ে।  এই‌ বৃহৎ পৰিমাণৰ হেৰ'ইন খিনি চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ হাইছিন ছিটিৰ পৰা  মণিপুৰৰ উদ্দেশ্যে সৰবৰাহ কৰা হৈছিল বুলি জানিব পৰা গৈছে । নিষিদ্ধ ড্ৰাগছ‌ সৰবৰাহৰ অভিযোগত মণিপুৰৰ  চুৰাচান্দপুৰ জিলাৰ মুলতাম এলেকাৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজন গিনখাও মিলিয়ন আৰু মাঙবৈ ছিমটে। 

1

মিজোৰাম