ত্ৰিপুৰাত বুজণ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ: গ্ৰেপ্তাৰ ৩

বাকচ কেইটাৰ পৰা মুঠ ১.৬৪৪ কেজি হেৰ'ইন জব্দ কৰা হয়। লগতে ১০ হাজাৰ নিচাজাতীয় য়াবা টেবলেটো জব্দ কৰে আৰক্ষীয়ে। মিজোৰামৰ‌ পৰা ত্ৰিপুৰা হৈ শিলচৰৰ দিশে সৰবৰাহ কৰাৰ সময়ত আৰক্ষীয়ে জব্দ কৰে হেৰ'ইনখিনি।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শিলচৰ: চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰিছে। ধলাই জিলাৰ আমবাচা আৰক্ষীয়ে উপনগৰ চেকগেটত তালাচী চলাই এখন বলেৰ' বাহনৰ গোপন চেম্বাৰৰ পৰা নিচাজাতীয় সমাগ্ৰী ভৰ্তি ১৩৭ টা চাবোনৰ বাকচ জব্দ কৰে।

বাকচ কেইটাৰ পৰা মুঠ ১.৬৪৪ কেজি হেৰ'ইন জব্দ কৰা হয়। লগতে ১০ হাজাৰ নিচাজাতীয় য়াবা টেবলেটো জব্দ কৰে আৰক্ষীয়ে। মিজোৰামৰ‌ পৰা ত্ৰিপুৰা হৈ শিলচৰৰ দিশে সৰবৰাহ কৰাৰ সময়ত আৰক্ষীয়ে জব্দ কৰে হেৰ'ইনখিনি।

উল্লেখযোগ্য যে, হেৰ'ইন সৰবৰাহৰ‌ অভিযোগত আৰক্ষীয়ে ৩ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা হেৰ'ইনৰ মূল্য কেইবা কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে।

ত্ৰিপুৰা