শিৱসাগৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

শিৱসাগৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

author-image
asomiyapratidin
New Update
শিৱসাগৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ আৰক্ষীয়ে বুধবাৰে ড্ৰাগছ জব্দ কৰাৰ লগতে দুটা ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰিছে ৷ শিৱসাগৰৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ।

আৰক্ষীৰ কঠোৰ স্থিতিৰ পাছতো ড্ৰাগছ সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ সৰবৰাহ আৰু বিক্ৰী প্ৰক্ৰিয়া।আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত এখন ডাষ্টাৰ গাড়ীত শিৱসাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰ ৷

এএচ০৪ কিউ ৯৪৪৩ নম্বৰৰ এখন ডাষ্টাৰ গাড়ীত দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে চহৰৰ গণকপট্টিৰ বিতু ঠাকুৰ আৰু হাবিৰাম বৰা পথৰ অনুৰাগ বৰগোঁহাইয়ে নিষিদ্ধ ব্ৰাউন ছুগাৰ সৰবৰাহ কৰাৰ সময়ত আৰক্ষীয়ে কৰায়ত্ব কৰে ৷

উল্লেখযোগ্য যে বিতু ঠাকুৰ নামৰ যুৱকজন পূৰ্বেও ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ বাবে গ্ৰেপ্তাৰ হৈছিল। শিৱসাগৰ চহৰত ড্ৰাগছৰ বেহা মেলা বিতু ঠাকুৰ কিদৰে বাৰে বাৰে আৰক্ষীৰ জালত পৰি মুকলি হৈ পুনৰ একেই নিষিদ্ধ বেহাত জড়িত হয় তাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

আৰু পঢ়ক: সলনি কৰক হোৱাটচ এপৰ ডিপি…

drugs assam Assam police