/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/44841b36-32ef-41fe-945a-d68ca54f7344/DRUGS.jpg)
DRUGS
ডিজিটেল সংবাদ,নগাঁওঃ নিষিদ্ধ হেৰ’ইন ব্যৱসায়ৰে জৰিত এগৰাকী পিতৃয়ে কন্যাৰ মমতাৰ বাবে ধৰা দিলে আৰক্ষীৰ ওচৰত ৷ গোপন সূত্ৰৰ পম খেদি ডিমৰুগুৰিত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাইছিল ৷
প্ৰথমে আৰক্ষীৰ লোক ড্ৰাগছ ব্যৱসায়ীৰ ওচৰত ক্ৰেতাৰ ৰূপত আহে ৷ দৰ-দাম কৰে আৰু হেৰ’ইনৰ কন্টেনাৰ ক্ৰয় কৰে ৷ নিৰ্দিষ্ট স্থানত হেৰ’ইন থকাটো নিশ্চিত হোৱাৰ পিছত আৰক্ষীয়ে অভিযান চলাই ৷
অভিযানত আৰক্ষীয়ে হেৰ’ইনৰ ব্যৱসায়ী ৰৌচন আলীক আটক কৰে ৷ লগতে ৰৌচনৰ জিম্মাৰ পৰা ৯৬ টা হেৰ’ইন ভৰ্তি কন্টেনাৰ আৰু ৩ টা চাবোনৰ বক্সত থকা হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷
ৰৌচনে ডিমৰুগুৰিত থকা বাসগৃহৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আছিল ৷ ড্ৰাগছ ব্যৱসায় চলাবৰ বাবে ঘৰৰ প্ৰৱেশ পথত চি চি কেমেৰা স্থাপন কৰি লৈছিল ৷ চি চি কেমেৰাৰ মনিটৰ প্ৰত্যক্ষ কৰি পৰিস্থিতি পৰ্যবেক্ষণ কৰি গ্ৰাহকক ড্ৰাগছ বিক্ৰী কৰি আহিছিল ৷ বুধবাৰে ৰৌচনৰ ঘৰত আৰক্ষীয়ে প্ৰৱেশ কৰাৰ সময়ত মনিটৰ প্ৰত্যক্ষ কৰি ব্যৱসায়ী জনে আৰক্ষীৰ পৰা বাচিবলৈ ঘৰৰ চৌহদৰ বেৰ পাৰ হৈ পলায়ন কৰিছিল ।
চুবুৰীয়াৰ ঘৰত আশ্ৰয় লৈ আৰক্ষীৰ অভিযানৰ কথা গম লৈ থকা ৰৌচনে কন্যাই চিঞৰি চিঞৰি কান্দিবলৈ লোৱাত ৰৌচন আলীয়ে পিছত আৰক্ষীৰ ওচৰত ধৰা দিয়ে ৷
উল্লেখ্য যে পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ী ৰৌচনে কাৰাবাস খাতিছিল ৷ কাৰাগাৰৰ পৰা জামিনত আহি পুনৰ ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷