/asomiyapratidin/media/media_files/2026/01/24/hsghsauysas-2026-01-24-18-28-07.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ চতিয়া আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা ড্ৰাগছ ব্যৱসায়ী কেজেং নৰোবা থং ডকক পুনৰ আজি বিশ্বনাথ জিলা আৰক্ষীয়ে এক বিশেষ অভিযান চলাই মেঘালয়ৰ শ্বিলঙৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, ড্ৰাগছ সৰবৰাহৰ অভিযোগত চলিত মাহৰ ১৯ তাৰিখে চতিয়া আৰক্ষীয়ে ইটাখোলা এলেকাৰ পৰা পত্নীৰ সৈতে কেজেং নৰোবা থং ডক নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু তাৰ পিছদিনাই অৰ্থাৎ ২০ তাৰিখে আৰক্ষীৰ চকুত ধূলি দি পত্নীক ঘটনাস্থলীত এৰি কেজেং নৰোবা থং ডক আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল।
ইয়াৰ পিছতে বিশ্বনাথ জিলা আৰক্ষীয়ে চতিয়া আৰক্ষী থানাৰ পৰা পলায়ন কৰা অভিযুক্তটোৰ সন্ধানত তদন্ত আৰম্ভ কৰে। দীৰ্ঘ অনুসন্ধান আৰু গোচৰৰ আধাৰত অৱশেষত আজি বিশ্বনাথ জিলা আৰক্ষীয়ে অভিযান চলাই শ্বিলঙৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ীগৰাকীটোক।
আৰক্ষী সূত্রে জানিব পৰা মতে, ধৃত কেজেং নৰোবা থং ডক অৰুণাচল প্ৰদেশৰ ৩য় IRBN-ৰ এজন হাৱালদাৰ আৰু IRBN-ৰ চিজুচা শিবিৰত কৰ্মৰত আছিল। আৰক্ষীয়ে এই ঘটনাক গুৰুত্বসহ বিবেচনা কৰি তদন্ত অধিক জোৰদাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে।
ইফালে, ধৃতক পুনৰ গ্ৰেপ্তাৰ কৰাৰ পিছতে বিশ্বনাথ জিলা জেষ্ঠ আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰীয়ে এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰি ঘটনাৰ সবিশেষ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আৰক্ষীয়ে অভিযুক্তজনক আদালতত হাজিৰ কৰি অধিক জেৰাৰ বাবে ৰিমান্ড বিচাৰিব বুলি জানিবলৈ দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us