ডিজিটেল সংবাদ বেকাজানঃ সমগ্ৰ ৰাজ্যৰ লগতে তিতাবৰতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। কালি নিশা এক গোপন সূত্ৰৰ পমখেদি তিতাবৰ আৰু বৰহোলা আৰক্ষীয়ে যৌথভাৱে ড্ৰাগছ বিৰোধী অভিযান চলাই বৰহোলাৰ ৰজাবাৰী সোনোৱাল গাঁৱৰ পৰা প্ৰায় ১১শটা নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে। গাঁৱখনত গোপনে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ বেহা চলাই থকা প্ৰতাপ সোনোৱালক বৃহৎ সংখ্যক নিচাযুক্ত টেবলেটসহ আৰক্ষীয়ে আটক কৰে ।
জানিব পৰামতে আটকাধী প্ৰতাপ সোনোৱাল নামৰ ড্ৰাগছ বেপাৰীটোৱে বৰহোলাৰ অসম-নাগালেণ্ড সীমান্তৰ ৰজাবাৰী অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । আজি ড্ৰাগছ বেপাৰীটোৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন কৰি জেললৈ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে তিতাবৰ মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মা আৰু বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিলীপ কুমাৰ চুতীয়াৰ নেতৃত্বত চলিছিল এই অভিযান