আজি শপত গ্ৰহণ কৰিব দ্ৰৌপদী মুৰ্মুৱেঃ ২১ জাঁই টোপধ্বনিৰে সন্মান জনোৱা হ’ব নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক…

আজি শপত গ্ৰহণ কৰিব দ্ৰৌপদী মুৰ্মুৱেঃ ২১ জাঁই টোপধ্বনিৰে সন্মান জনোৱা হ’ব নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক…

author-image
asomiyapratidin
New Update
আজি শপত গ্ৰহণ কৰিব দ্ৰৌপদী মুৰ্মুৱেঃ ২১ জাঁই টোপধ্বনিৰে সন্মান জনোৱা হ’ব নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক…

ডিজিটেল ডেস্কঃ আজি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিব দ্ৰৌপদী মুৰ্মুৱে। এগৰাকী সাধাৰণ জনজাতীয় মহিলাৰ পৰা এঢাপ এঢাপকৈ আগুৱাই আহি বিধায়িকা, মন্ত্ৰী, ৰাজ্যপালৰ পিছত দেশৰ প্ৰথম নাগৰিক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা দ্ৰৌপদী মুৰ্মু হ'ব দেশৰ প্ৰথমগৰাকী ট্ৰাইবেল ৰাষ্ট্ৰপতি।

Advertisment

স্বাধীনতাৰ পৰৱৰ্তী সময়ত জন্মগ্ৰহণ কৰা দেশৰ প্ৰথমজন ৰাষ্ট্ৰপতি হিচাপে আজি শপত গ্ৰহণ কৰিব দ্ৰৌপদী মুৰ্মুৱে। তেওঁ হ'ব দেশৰ আটাইতকৈ কনিষ্ঠতম ৰাষ্ট্ৰপতি। উল্লেখ্যে যে আজি পুৱা ১০-৩০ বজাত সংসদৰ চেন্ট্ৰেল হলত অনুষ্ঠিত হ'ব নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শপতগ্ৰহণ অনুষ্ঠান।

দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীক্ষ এন ভি ৰমন্নায় দ্ৰৌপদী মুৰ্মুৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পিছতেই ২১ জাঁই টোপধ্বনিৰে সন্মান জনোৱা হ'ব নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক। ইয়াৰ পিছতে তেওঁ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে দেশবাসীক সম্বোধন কৰিব।