চিলাপথাৰ ইউতুপিয়ান একাডেমীত ড্ৰোণ প্ৰযুক্তিৰ কৰ্মশালা

চিলাপথাৰ অঞ্চলটোৰ এক অন্যতম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ইউটুপিয়ান একাডেমীত মঙলবাৰে ড্ৰোণ প্ৰযুক্তি শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হ'য়।

author-image
Asomiya Pratidin
New Update
gdrfsdfhtghghg

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ অঞ্চলটোৰ এক অন্যতম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ইউটুপিয়ান একাডেমীত মঙলবাৰে ড্ৰোণ প্ৰযুক্তি শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হ'য়। গ্ৰাম্য আৰু সীমান্তৱৰ্তী অঞ্চলৰ শিক্ষাৰ্থীসকলক আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ সৈতে পৰিচিত কৰোৱাৰ লক্ষ্যৰে ধেমাজি জিলাত প্ৰথমবাৰৰ বাবে সফলতাৰে আয়োজন কৰা হয় এই কাৰ্যসূচী। এই কৰ্মশালা ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ উত্তৰ-পূব প্ৰযুক্তি প্ৰয়োগ আৰু বিস্তাৰ কেন্দ্ৰ (NECTAR) আৰু ইউটুপিয়ান একাডেমী, চিলাপথাৰৰ যৌথ উদ্যোগত অনুষ্ঠিত হয়।

WhatsApp Image 2026-01-28 at 2.52.52 PM (1)

অৰ্ধসহস্ৰাধিক শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখন ধেমাজি জিলাত অনুষ্ঠিত অন্যতম বৃহৎ প্ৰযুক্তি- ভিত্তিক শৈক্ষিক কাৰ্যসূচী হিচাপে চিহ্নিত হয়। ধেমাজি জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলো ভাগ লয় এই কৰ্মশালাত। নগৰ আৰু গ্ৰামাঞ্চলৰ মাজত থকা প্ৰযুক্তিগত ব্যৱধান দূৰ কৰাৰ লগতে বানপীড়িত আৰু ভৌগোলিকভাৱে প্ৰত্যাহ্বানপূর্ণ জিলা সমূহৰ শিক্ষাৰ্থী সকলক একবিংশ শতিকাৰ অন্যতম গুৰুত্বপূর্ণ প্ৰযুক্তি ড্ৰোণ প্ৰযুক্তিৰ সৈতে পৰিচিত কৰাই দিয়াই আছিল কৰ্মশালাৰ মূল লক্ষ্য।

WhatsApp Image 2026-01-28 at 2.52.52 PM

NECTAR'ৰ সঞ্চালক সৰ্বাধিনায়ক ড° অৰুণ কুমাৰ শৰ্মাই প্ৰধান পৃষ্ঠপোষক হিচাপে কৰ্মশালাৰ বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ধেমাজিৰ জিলা উপায়ুক্ত ৰাহুল সুৰেশ জাভিৰে প্ৰধান অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি ধেমাজিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ডেভিদ কাৰ্ডং আৰু NECTARৰ উপ-সঞ্চালক ৰাজেন্দ্ৰ জেনা উপস্থিত থাকে।

প্ৰধান পৃষ্ঠপোষক ড° অৰুণ কুমাৰ শৰ্মায়ে তেওঁৰ ভাষণ প্ৰসংগত দেশৰ উন্নয়নত ড্ৰোণ প্ৰযুক্তিৰ কৌশলগত গুৰুত্বৰ ওপৰত বিস্তৃত ব্যাখ্যা দাঙি ধৰি কয় যে, কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, অবকাঠামো নিৰ্মাণ, ভূমি জৰীপ, মানচিত্ৰ প্ৰস্তুতকৰণ, পৰিৱেশ নিৰীক্ষণ আৰু স্বাস্থ্য সেৱাৰ দৰে ক্ষেত্ৰত ড্ৰোন প্ৰযুক্তিয়ে এক নতুন বিপ্লৱ আনিছে। উত্তৰ-পূবৰ দৰে দূৰ্গম আৰু সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰযুক্তি বিস্তাৰ কৰাটো NECTARৰ অন্যতম মুখ্য লক্ষ্য বুলি উল্লেখ কৰি তেওঁ উটোপিয়ান একাডেমীৰ উদ্যোগ আৰু সংগঠনৰ প্ৰশংসা কৰে।

আনহাতে, প্ৰধান অতিথি জিলা উপায়ুক্ত ৰাহুল সুৰেশ জাভিৰে বানপীড়িত ধেমাজিৰ দৰে জিলাসমূহৰ বাবে প্ৰযুক্তি-ভিত্তিক শিক্ষা সময়ৰ প্ৰয়োজন। তেওঁ বান পৰ্যবেক্ষণ,দুৰ্যোগ ব্যৱস্থাপনা,প্ৰশাসনিক পৰিকল্পনা আৰু উন্নয়নমূলক কামত ড্ৰোনৰ ব্যৱহাৰৰ বিষয়ে আলোকপাত কৰে। ভৱিষ্যতে এইধৰণৰ কাৰ্যসূচীৰ বাবে জিলা প্ৰশাসনৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি তেওঁ আশ্বাস দিয়ে।

WhatsApp Image 2026-01-28 at 2.52.51 PM

একেদৰে ধেমাজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে আধুনিক আৰক্ষী ব্যৱস্থাত ড্ৰোণৰ ব্যৱহাৰ বিষয়ে উল্লেখ কৰি কয় যে, নজৰদাৰী, জনসমাগম নিয়ন্ত্ৰণ, জৰুৰী পৰিস্থিতি মোকাবিলা আৰু সন্ধান- উদ্ধাৰ কাৰ্যত ড্ৰোণ এক অতি গুৰুত্বপূর্ণ সঁজুলি হৈ পৰিছে। শিক্ষাৰ্থীসকলক আৰম্ভণিৰ পৰাই এইধৰণৰ প্ৰযুক্তিৰ সৈতে পৰিচিত কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি তেওঁ মন্তব্য কৰে।

সেইদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ডেভিদ কাৰ্ডঙে উচ্চ শিক্ষা আৰু গৱেষণাৰ দৃষ্টিকোণৰ পৰা ড্ৰোণ প্ৰযুক্তিৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। তেওঁ পৰিৱেশ বিজ্ঞান, ভূগোল, কৃত্ৰিম বুদ্ধিমত্তা আৰু ডাটা বিশ্লেষণৰ সৈতে ড্ৰোণ প্ৰযুক্তিৰ আন্তঃবিষয়ক সংযোগৰ ওপৰত গুৰুত্ব দিয়ে আৰু শিক্ষাৰ্থীসকলক STEM শিক্ষাৰ দিশে আগবাঢ়িবলৈ উৎসাহিত কৰে।

WhatsApp Image 2026-01-28 at 2.52.55 PM

এই কৰ্মশালাত বিশেষজ্ঞৰ বক্তৃতা, লাইভ ড্ৰোণ প্ৰদৰ্শন, প্ৰযুক্তিগত ব্যাখ্যা আৰু প্ৰশ্নোত্তৰ অধিৱেশন অন্তৰ্ভুক্ত আছিল। শিক্ষাৰ্থীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে এই কাৰ্যসূচীক অত্যন্ত শিক্ষণমূলক বুলি অভিহিত কৰে। এই সফল কৰ্মশালাই ধেমাজি জিলাত ভৱিষ্যতৰ প্ৰযুক্তি-ভিত্তিক শৈক্ষিক কাৰ্যসূচীৰ বাবে এক দৃঢ় ভেটি স্থাপন কৰিলে আৰু উত্তৰ-পূব ভাৰতৰ গ্ৰাম্য অঞ্চলত বিজ্ঞান বিস্তাৰৰ এক আদৰ্শ হিচাপে পৰিগণিত হ’ল। অনুষ্ঠানৰ শেষত ইউটুপিয়ান একাডেমিৰ সঞ্চালক সিদ্ধাৰ্থ ফুকনে কাৰ্যসূচীত উপস্থিত থাকি সফল কৰি তোলাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

চিলাপথাৰ