ধুবুৰীত ইউকো বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত সাজ- পোছাকৰ গহণা প্ৰস্তুতকৰণৰ কৰ্মশালা

উল্লেখযোগ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্ব-নিৰ্ভৰ ভাৰত আৰু শিক্ষিত নিৱনুৱা যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সন্মান জনাই প্ৰতিষ্ঠানটোৱে ধুবুৰীৰ মুঠ ২৬ গৰাকী নিৱনুৱা মহিলাক বাছনি কৰি সাজ পোছাকৰ গহণা প্ৰস্তুতকৰণৰ ওপৰত ১৩ দিনীয়া এটি প্ৰশিক্ষণ দিয়ে। 

author-image
Asomiya Pratidin
New Update
ধুবুৰীত ইউকো বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত সাজ- পোছাকৰ গহণা প্ৰস্তুতকৰণৰ কৰ্মশালা

ধুবুৰীত ইউকো বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত সাজ- পোছাকৰ গহণা প্ৰস্তুতকৰণৰ কৰ্মশালা

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীস্থিত ইউকো বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত তথা প্ৰতিষ্ঠানটোৰ চৌহদত বিগত ১৩ দিন ধৰি চলি আছে সাজ পোছাকৰ গহণা প্ৰস্তুতকৰণৰ এটি কৰ্মশালা। এই কৰ্মশালাখনিৰ বৃহস্পতিবাৰে সফলভাৱে সামৰণি পৰে। 

উল্লেখযোগ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্ব-নিৰ্ভৰ ভাৰত আৰু শিক্ষিত নিৱনুৱা যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সন্মান জনাই প্ৰতিষ্ঠানটোৱে ধুবুৰীৰ মুঠ ২৬ গৰাকী নিৱনুৱা মহিলাক বাছনি কৰি সাজ পোছাকৰ গহণা প্ৰস্তুতকৰণৰ ওপৰত ১৩ দিনীয়া এটি প্ৰশিক্ষণ দিয়ে। 

ধুবুৰীস্থ ইউকো বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ফেকাল্টী দেৱদত্ত চাকীয়ে আজি উক্ত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি কয় যে, উক্ত ১৩ দিনীয়া প্ৰশিক্ষণত শিলচৰৰ দক্ষ প্ৰশিক্ষক বেবী দাস, ষ্টেট বেংক অব ইণ্ডিয়াৰ জ্যেষ্ঠ বিষয়া আমিনুৰ মোল্লা, ইউকো বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অপূণ প্ৰতিম সন্দিকৈৰ লগতে বিভিন্নজনে সাজ পোছাকৰ গহণা প্ৰস্তুতকৰণৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়ে।

uco bank