/asomiyapratidin/media/media_files/2025/07/11/xcdcfdfdf-2025-07-11-20-32-18.jpg)
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ প্ৰথম ছমাহত সাংবাদিক হত্যাৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। ২০২৫ চনৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত মুঠ ৮৬ গৰাকী সংবাদকৰ্মী হত্যাকাণ্ডৰ চিকাৰ হোৱাৰ তথ্য প্ৰকাশ কৰিছে প্ৰেছ এমব্লেম কেম্পেইনে (PEC)। এই সংখ্যা ২০২৪ চনৰ প্ৰথম ছমাহত হোৱা হত্যাকাণ্ডতকৈ ১৬% অধিক। এই হত্যা প্ৰধানকৈ সংঘটিত হৈছে যুদ্ধ-সংঘাতপীড়িত অঞ্চলসমূহত। বিশেষকৈ গাজা অঞ্চলত ইজৰাইলী সেনাই ছমাহৰ ভিতৰত কমেও ৩১জন পেলেষ্টাইনী সাংবাদিকক হত্যা কৰিছে।
পিইচিৰ সভাপতি ব্লেইজ লেম্পেনে সদৰি কৰে যে, "গাজাৰ পৰিস্থিতি সম্পৰ্কে বাতৰি প্ৰকাশ কৰা সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা এই ট্ৰেজেডীৰ বাবে ইজৰাইল চৰকাৰেই প্ৰত্যক্ষভাৱে দায়ী। এই যুদ্ধাপৰাধৰ সৈতে জড়িত ইজৰাইলী সৈন্যসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলোৱা প্ৰয়োজন। যুদ্ধ অৱস্থাত সাংবাদিক হত্যা কৰা এক অমানৱিক আৰু নিন্দনীয় অপৰাধ। এনে হত্যাকাণ্ড ৰোধ কৰাটো একান্তই প্ৰয়োজন।
ইফালে, গাজাৰ বাহিৰতো আন বহু দেশত সাংবাদিক হত্যা হোৱা দেখা গৈছে। ছুডানৰ হিংসাত্মক পৰিস্থিতিৰ মাজত থকা ৬ জন সাংবাদিক নিহত হৈছে। একেদৰে মেক্সিক’তো ৬ জন সাংবাদিক হত্যা হৈছে। ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধতো মুঠ ৬ গৰাকী সাংবাদিকৰ প্ৰাণহানি হৈছে। আনহাতে, ইৰানৰ তেহেৰানত ইজৰায়েলৰ বিমান আক্ৰমণত নিহত হৈছে ৪ গৰাকী সংবাদকৰ্মী।
উল্লেখ্য যে, ভাৰতত বিগত ছমাহৰ ভিতৰত ৪ গৰাকী সংবাদকৰ্মী হত্যাকাণ্ডৰ চিকাৰ হৈছে। তেওঁলোক হল, মুকেশ চন্দ্ৰকাৰ, ৰাঘবেন্দ্ৰ বাজপেয়ী, সহদেৱ দে আৰু ধৰ্মেন্দ্ৰ সিং চৌহান। পাকিস্তানত হত্যা হৈছে ৩ জন সংবাদিকক। তেওঁলোক হৈছে, আল্লাহ ডিনো শাৰ, আব্দুল লতিফ বালুচ আৰু ছইয়দ মোহাম্মদ শ্বাহ। নেপালতো সুৰেশ ৰাজাক নামৰ এজন সাংবাদিকক হত্যা হৈছে।
ইফালে মধ্য প্ৰাচ্যৰ পৰিৱেশ আটাইতকৈ ভয়ংকৰ। বিগত ছমাহত মধ্য প্ৰাচ্যত ৪৩ গৰাকী সংবাদকৰ্মী নিহত হৈছে। একেদৰে, লেটিন আমেৰিকাত ১৬ গৰাকী, আফ্ৰিকাত ১০ গৰাকী, ইউৰোপত ৬ গৰাকী আৰু উত্তৰ আমেৰিকাত ২ গৰাকী সাংবাদিক নিহত হৈছে। উল্লেখযোগ্য যে, ২০২৪ চনত মুঠ ১৭৯ জন সংবাদকৰ্মী হত্যা হৈছিল, যাৰ ভিতৰত কেৱল গাজাতে ৮০ জন।
পিইচিৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া প্ৰতিনিধি নব ঠাকুৰীয়াই এই তথ্যসমূহ প্ৰদান কৰাৰ লগতে আৰু সকলো হত্যাকাণ্ডৰ তদন্তৰ দাবী জনায়। তেওঁ আশা প্ৰকাশ কৰে যে, ২০২৫ চনৰ দ্বিতীয়াৰ্ধত সাংবাদিক সমাজৰ বাবে অধিক নিৰাপদ সময় আহিব।