শিৱসাগৰ নাট্য মন্দিৰত “নিজান দেশৰ অজান কথা” মঞ্চস্থ

সুদীৰ্ঘ পাঁচ বছৰৰ মূৰকত শিৱসাগৰ নাট্য মন্দিৰত প্ৰথমবাৰৰ বাবে সফলতাৰে মঞ্চস্থ কৰা হ’ল বিশিষ্ট নাট্যকাৰ ব্ৰাজিল চুতীয়াৰ“ নিজান দেশৰ অজান কথা” নামৰ নাটক

author-image
Asomiya Pratidin
New Update
128

ডিজিটেল সংবাদ, শিৱসাগৰ : সুদীৰ্ঘ পাঁচ বছৰৰ মূৰকত শিৱসাগৰ নাট্য মন্দিৰত প্ৰথমবাৰৰ বাবে সফলতাৰে মঞ্চস্থ কৰা হ’ল বিশিষ্ট নাট্যকাৰ ব্ৰাজিল চুতীয়াৰ“ নিজান দেশৰ অজান কথা” নামৰ নাটক ৷ নাটকখন বন্তি প্ৰজ্বালনেৰে শুভাৰম্ভ কৰে অসমৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াই ৷ উদ্যোক্তাসকলে প্ৰাঞ্জল শইকীয়াক সম্বৰ্ধনা জনায় ৷

এই নাটকখন সুন্দৰভাৱে পৰিচালনা কৰে নিৰঞ্জন শৰ্মা আৰু অনুপ ভট্টাচাৰ্যই ৷ তেওঁলোক দুয়োগৰাকী অভিনয়ৰ লগত জড়িত ব্যক্তি ৷ ইতিপূৰ্বে ভালেকেইখন উচ্চ মানবিশিষ্ট নাটক ৰচনাৰে জনপ্ৰিয়তা অৰ্জন কৰা নাট্যকাৰ ব্ৰাজিল চুতীয়াই এটা সুন্দৰ পটভূমিত “ নিজান দেশৰ অজান কথা” নামৰ নাটখন ৰচনা কৰিছে ৷

WhatsApp Image 2026-02-13 at 11.45.25 AM


নাটকখনত এগৰাকী পুলিচ কনিষ্টবলৰ চৰিত্ৰত অভিজ্ঞ অভিনেতা গৌতম দত্ত ফুকনে সাৱলীল অভিনয় কৰে ৷ তেওঁ দৰ্শকক হাঁহিৰ খোৰাক যোগোৱাৰ লগতে দায়বদ্ধতাৰ দিশত চিৰিয়াছ হোৱাৰ দিশটো সুন্দৰভাৱে উপস্থাপন কৰে ৷ এগৰাকী কনিষ্টবলে ৰাজনৈতিক নেতা ভাগৱতীক নিজৰ ঘৰত আশ্ৰয় দি নিজৰ ঘৰখন ধবংস হোৱাৰ দুখত তেওঁ কিদৰে ম্ৰিয়মাণ হয় তাকো গৌতম দত্ত ফুকনে অভিনয়ত সুন্দৰভাৱে ফুটাই তোলে ৷

WhatsApp Image 2026-02-13 at 11.45.21 AM

মানিকপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ চৰিত্ৰত অৱতীৰ্ণ হোৱা নিৰঞ্জন শৰ্মাই সুন্দৰ অভিনয়ৰ যোগেদি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় ৷ নাটকখন অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰা অনুপ ভট্টাচাৰ্য আৰু সমাজকৰ্মীৰ ৰূপত অভিনয় কৰা অভিজ্ঞ অভিনেতা ধীৰাজ দত্তই সুন্দৰ অভিনয় কৰে ৷ তেওঁলোকে ৰাজনৈতিক নেতা ভাগৱতীৰ চক্ৰান্তত পৰি সমাজখনক বিদ্ৰোহী কৰি তোলাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰাৰ দৃশ্য অভিনয়ত ফুটি উঠে ৷

নাটখনৰ ভ্ৰষ্টাচাৰী ৰাজনৈতিক  নেতা ভাগৱতীৰ চৰিত্ৰত সঞ্জীৱ ভাগৱতীয়ে কৰা সুদক্ষ অভিনয়ে নাটখনক এক বিশেষ গতি প্ৰদান কৰে ৷ আনহাতে কৌতুক অভিনেতা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা  মইনুদ্দিন আহমেদে “ নিজান দেশৰ অজান কথা” নামৰ নাটকখনত এটা চোৰৰ চৰিত্ৰত সুন্দৰ অভিনয় কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে ৷ চোৰটোৰ পত্নীৰ ৰূপত অভিনয় কৰা  বন্দনা শইকীয়াৰ অভিনয় আছিল শলাগ ল’বলগীয়া ৷ মইনুদ্দিন আৰু বন্দনাৰ অভিনয়ে নাট্য মন্দিৰৰ দৰ্শকৰ মাজত হাঁহিৰ জোৱাৰ তোলে ৷ নাটখনত ছাত্ৰ সংগঠনৰ নেতাৰ ৰূপত যদুমণি বৰাই সুন্দৰ অভিনয় কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰে ৷

WhatsApp Image 2026-02-13 at 11.45.21 AM (1)

নাটখনৰ আন আন চৰিত্ৰত  হৰিহৰ প্ৰসাদ চাহু, নিলুৎপল গোহাঁই, জিন্টু গগৈ, হেমন্ত ভূঞা, গৌতম বৰবৰা,  পাহি বৰঠাকুৰ, অংশ্ৰুতা কৌশিক আৰু দীক্ষিত গগৈয়ে মনপৰশা অভিনয়েৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ নাটখনৰ আলোকসজ্জাত বিশ্বজিত বৰঠাকুৰ, ৰূপসজা ইন্দ্ৰ দাস , আৱাহ সংগীত নানু চাহু, স্মাৰক মাখন বৰঠাকুৰ, মঞ্চসজ্জা ললিত ৰাখোৱা আৰু খোকন ঘোষৰ ৷

উল্লেখ্য যে শিৱসাগৰ নাট্য মন্দিৰ মেৰামতিৰ বাবে সুদীৰ্ঘ পঁচটা বছৰ বন্ধ হৈ আছিল ৷ যাৰবাবে শিৱসাগৰ নাট্য সমাজৰ নাট্য চৰ্চা আৰু নাট মঞ্চস্থ কৰা প্ৰক্ৰিয়া বন্ধ হৈ আছিল ৷ মেৰামতিৰ পিছত প্ৰথম বাৰলৈ এই নাটকখন মঞ্চস্থ কৰা হয় ৷

শিৱসাগৰ