ই আই এৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত পুনঃবিবেচনাৰ বাবে কেন্দ্ৰই জনোৱা আবেদন নাকচ সবোচ্চ ন্যায়ালয়ৰ…

ই আই এৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত পুনঃবিবেচনাৰ বাবে কেন্দ্ৰই জনোৱা আবেদন নাকচ সবোচ্চ ন্যায়ালয়ৰ…

author-image
asomiyapratidin
New Update
ই আই এৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত পুনঃবিবেচনাৰ বাবে কেন্দ্ৰই জনোৱা আবেদন নাকচ সবোচ্চ ন্যায়ালয়ৰ…

ডিজিটেল ডেস্কঃ বুধবাৰে দেশৰ সবোচ্চ ন্যায়ালয়ে দিল্লীৰ উচ্চ ন্যায়ালয়ৰ ই আই এ সম্বন্ধীয় এক ৰায়দানৰ প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন নাকচ কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়টোত ই আই এ-২০২০ অধ্যাদেশখনৰ সন্দৰ্ভত সকলো বিষয় দেশৰ ২২টা প্ৰধান ভাষালৈ অনুবাদ কৰি ৱেবচাইটত উপলদ্ধ কৰাবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল যদিও এই নিৰ্দেশ উলংঘা কৰি চলা চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই সবোচ্চ ন্যায়ালয়ত পুনঃবিবেচনাৰ আবেদন কৰিছিল।

Advertisment

এই সন্দৰ্ভত সংবাগ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ৩০জুনত দিল্লী উচ্চ ন্যায়ালয়ে যিহেতু দেশৰ বিভিন্ন অনগ্ৰসৰ ঠাইত সকলোৱে ইংৰাজী বুজি পোৱাতো সম্ভৱপৰ নহয় আৰু চৰকাৰে প্ৰস্তুত কৰা ই আই এ-২০২০ৰ খচৰা ৱেবচাইটত কেৱল হিন্দী আৰু ইংৰাজী ভাষাতহে উপলদ্ধ। সেইহেতুকে সংবিধানৰ অষ্টম অনুসূচীৰদ্বাৰা স্বীকৃত সকলো ভাষালৈ এই খচৰা অনুবাদ কৰি বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ ৱেবচাইটত উপলদ্ধ কৰাবলৈ নিৰ্দেশনা জাৰি কৰিছে।

দিল্লী উচ্চ ন্যায়ালয়ে ইয়াৰ বাবে চৰকাৰক ১০দিন সময় দিছিল যদিও কেন্দ্ৰৰ বন পৰিৱেশ মন্ত্ৰণালয়ে এই নিৰ্দেশনা অনুসৰণ নকৰিলে। ইয়াৰ বিপৰীতে নিৰ্দেশনা পুনঃবিবেচনা বিচাৰি চৰকাৰ সবোচ্চ ন্যায়ালয়ৰ কাষ চাপে। কিন্তু সবোচ্চ ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে কেন্দ্ৰ এই আবেদন নাকচ কৰি কয় যে, সংবিধানস্বীকৃত আঞ্চলিক ভাষালৈ উক্ত খচৰা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আইনী কোনো বাধা নাই।

সবোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠৰ এই মতামত সন্দৰ্ভত বিশাল সিনহা নামৰ অধিবক্তাগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয়, কৰ্ণাটক, ৰোৱেল মহাৰাষ্ট্ৰ, নাগালেণ্ডকে ধৰি দেশত এনে বহু ঠাই আছে যৰ বৃহত সংখ্যক লোকে ইংৰাজী বা হিন্দী ভাষা বুজিবলৈ সক্ষম নহয়।

এই পৰিপ্ৰেক্ষিততে সমগ্ৰ দেশৰ জনতাৰ স্বাৰ্থজড়িত অধ্যাদেশ খনৰ খচৰা সংবিধানস্বীকৃত সকলো ভাষালৈ অনুবাদ কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানক প্ৰত্যাহ্বান জনোৱাৰ কোনো যুক্তি থাকিব নোৱাৰে বুলি অভিমত থাকিব নোৱাৰে বুলি সবোচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখন নাকচ কৰা হয়।