/asomiyapratidin/media/media_files/2025/10/28/1-2025-10-28-18-42-42.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ তোলনীয়া সন্তানক অকথ্য নিৰ্যাতন চলোৱাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা চিকিৎসক ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চামিমা জাহানৰ আদালতে দুজন জামিনদাৰ আৰু ৫০ হেজাৰ টকাৰ বিনিময়ত
অভিযুক্ত ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ কৰে।
লক্ষ্যণীয় যে, জামিনৰ নিৰ্দেশনাত ন্যায়ালয়ে অভিযুক্ত ডাঃ ইছলামক কেবাটাও চৰ্ত বান্ধি দিছে। এই চৰ্ত অনুসৰি অভিযুক্ত ডাঃ ইছলামে নিজৰ পাৰপত্ৰ জমা দিয়াৰ লগতে ভুক্তভোগী শিশু দুটিৰ কাষ চাপিব নোৱাৰিব। একেদৰে গোচৰৰ সাক্ষীক কোনো ধৰণৰ ভয়, ভাবুকি প্ৰদান কৰিব নোৱাৰিব।
উল্লেখযোগ্য যে, ২০২৩ চনৰ মে মাহত শিশু নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল চিকিৎসকজন। তোলনীয়া দুই সন্তানক নিৰ্যাতন চলোৱাৰ অভিযোগত চিকিৎসক দম্পত্তী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
গ্ৰেপ্তাৰৰ ২ বছৰ ৫ মাহ ২২ দিনৰ অন্তত আদালতে ডাঃ ইছলামৰ জামিন মঞ্জুৰ কৰে যদিও বৰ্তমানেও জামিন লাভ কৰা নাই ৱালিউলৰ পত্নী সংগীতা দত্তই।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us