/asomiyapratidin/media/media_files/2025/02/25/VzLVS9KkFXkTOnqJuTE4.webp)
ডিজিটেল সংবাদ, ছয়গাঁও : অসমৰ আগশাৰীৰ গৱেষণা মঞ্চ 'দগো ৰাংছাং গৱেষণা সমিতি'য়ে অসমৰ লোক-সংস্কৃতিৰ গৱেষক-পণ্ডিত, বিশিষ্ট ভাষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ উপেন ৰাভা হাকাচামৰ জন্মদিনটো 'সৰলতাৰ দিন' হিচাপে অহা দুই জানুৱাৰীত পঞ্চদশ বৰ্ষৰ বাবে উদযাপন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। গৱেষণা সমিতিৰ সভাপতি ডঃ অংশুমান দাস আৰু সম্পাদক ডঃ কনেশ্বৰ বৰুৱা এক প্ৰেছ বিজ্ঞপ্তিত জনোৱা মতে,এইবেলি উক্ত অনুষ্ঠানটি দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ শিলচাঙত অনুষ্ঠিত হ'ব।
এই অনুষ্ঠানৰ সৈতে সঙ্গতি ৰাখি "অসমীয়া গীতি সাহিত্যত লোক-সাহিত্যৰ সমল" শীর্ষক বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ইয়াত মূল বক্তৃতা প্রদান কৰিব কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ অজিত ভৰালীয়ে।
'সৰলতাৰ দিন' উপলক্ষে বিগত বৰ্ষৰ দৰে ২০২৬ বৰ্ষৰ বাবেও সমিতিৰ তৰফৰ পৰা শিশু সাহিত্য বঁটা প্রদানৰ দিহা কৰা হৈছে। এইবেলি উক্ত বঁটাটি প্রদান কৰা হ'ব জোঙাল বলহু গড় মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষয়িত্রী তথা বিশিষ্ট লেখক মনোৰমা ভূঞাক।
এই অনুষ্ঠানতে তিৱা সাহিত্য-সংস্কৃতিৰ একনিষ্ঠ সাধক, শিক্ষক, সমাজ সেৱক তথা 'তিৱা মাথনলাই তোখ্ৰা'কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি মহেশ্বৰ পাতৰক বিশেষভাৱে সম্বর্ধনা জনোৱা হ'ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সাংবাদিক প্রকাশ মহন্ত।
উল্লেখযোগ্য যে, অনুষ্ঠানত সমিতিৰ গৱেষণা পত্ৰিকাৰ লগতে কেবাখনো গ্রন্থ উন্মোচন কৰা হ'ব। এই অনুষ্ঠানৰ আহ্বায়ক হিচাপে আছে মৰিগাঁও জিলা তিৱা মাথনলাই তোখ্ৰা । একেদৰে লাবণ্য পাইত দলে,তুলনা সোণোৱাল,আদিত্য সোণোৱাল,ভূধৰ সোণোৱাল,ব্ৰজেন বাগলাৰী আদি আছে এই সমিতিত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us