/asomiyapratidin/media/media_files/2026/01/02/new-ap-web-3-31-2026-01-02-18-33-36.jpg)
ডিজিটেল সংবাদ, মায়ংঃ "সাম্প্ৰতিক সময়ৰ অসমীয়া সাহিত্য আৰু সংবাদ জগতখন পূৰ্বৰ তুলনাত কিছু দুৰ্বল যেন অনুভৱ হৈছে।নআগৰ সাহিত্যক বা সাংবাদিক সকলে নিজৰ নীতি, আদৰ্শ আৰু চৰিত্ৰ সলনি নকৰাকৈ নিজৰ স্থিতিত অটল হৈ লিখি গৈছিল। বঁটা বাহনৰ কোনো আশা কৰা নাছিল। কিন্তু বৰ্তমান বঁটা বাহন বা বিশেষ জামেলাৰ বাবে নীতি আদৰ্শৰ পৰা বহুতকে বিচলিত হোৱা দেখা গৈছে। জাতীয় আৰু সামাজিক দায়বদ্ধতা এতিয়া যথেষ্ট কমি গৈছে। অৱশ্যে সকলো এনে নহয়। এতিয়াও ভাল সৃষ্টিশীল লেখক আছে। পূৰ্বতকৈ চৰ্চা বাঢ়িছে যদিও পাঠকৰ সংখ্যা কমিছে।" এই মন্তব্য অসমৰ লোক-সংস্কৃতিৰ গৱেষক-পণ্ডিত, বিশিষ্ট ভাষাবিদ, সাহিত্যক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ উপেন ৰাভা হাকাচামৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/whatsapp-image-2026-01-02-18-26-12.jpeg)
আজি মৰিগাঁও জিলাৰ ঐতিহাসিক গোভা ৰাজ্যৰ অধীনস্থ শিলচাং বিহুতলীত নিজৰ ওপজা দিনত বিশিষ্ট ভাষাবিদ গৰাকীয়ে এইদৰে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে। লগতে অতীতৰ বহু স্মৰণীয় মুহূৰ্ত উপস্থিত থকা ৰাইজৰ আগত অতি সৰলতাৰে প্ৰকাশ কৰে। অসমৰ আগশাৰীৰ গৱেষণা মঞ্চ 'দগো ৰাংছাং গৱেষণা সমিতি'য়ে অসমৰ লোক-সংস্কৃতিৰ গৱেষক-পণ্ডিত, বিশিষ্ট ভাষাবিদ, সাহিত্যক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ উপেন ৰাভা হাকাচামৰ জন্মদিনটো 'সৰলতাৰ দিন' হিচাপে পালন কৰি আহিছে। আজিও তেখেতৰ পঞ্চদশ সৰলতাৰ দিৱসটি উলহ মালহেৰে উদযাপন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/whatsapp-image-2026-01-02-18-26-32.jpeg)
উপেন ৰাভা হাকাচামৰ জীৱন দৰ্শন, সৃষ্টিৰাজি আৰু বিশাল ব্যক্তিত্ব সন্দৰ্ভত ভাষণ আগবঢ়াই জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্রকাশ মহন্তই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰকাশ মহন্তই কয়- উপেন ৰাভাৰ সাহিত্যৰ প্ৰতিটো শব্দই অসমীয়া সাহিত্যৰ মেটমৰা ভঁৰাল চহকী কৰিছে। হাকাচামৰ সৰলতাই অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ পৰা যথেষ্ট মৰম - আদৰ বুটলিবলৈও সক্ষম হৈছে।
বিশিষ্ট সাহিত্যিক ড০ অংশুমান শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত প্ৰকাশ মহন্তই লগতে কয় যে, উন্নয়নৰ তৰান্বিত গতিয়ে যাতে অসমৰ ইতিহাস, ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব নোৱাৰে সেই দিশবোৰৰ প্ৰতিও চৰকাৰ তথা সংশ্লিষ্ট বিভাগবোৰে চকু দিয়াৰ প্ৰয়োজন আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/whatsapp-image-2026-01-02-18-26-49.jpeg)
উল্লেখযোগ্য যে, বিশিষ্ট ভাষাবিদ গৰাকীৰ ৬৩ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি দিনজোৰা কাৰ্যসূচীৰে বহুকেইটা কাৰ্যসূচী লোৱা হৈছে। বন্তি প্ৰজ্বলনৰ পাছতে তিৱা লোক নৃত্য পৰিৱেশনৰে আৰম্ভ হয় অনুষ্ঠানৰ। সৰলতাৰ দিনৰ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক উপেন ৰাভা হাকাচামে। ইয়াৰ পিছতে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিল্পী সুভেন বৰদলৈয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/whatsapp-image-2026-01-02-18-49-55.jpeg)
এই অনুষ্ঠানৰ সৈতে সঙ্গতি ৰাখি "অসমীয়া গীতি সাহিত্যত লোক-সাহিত্যৰ সমল" শীর্ষক বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হয়। ইয়াত মূল বক্তৃতা প্রদান কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ অজিত ভৰালীয়ে। অজিত ভৰালীয়ে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ পৰা আৰম্ভ কৰি জ্যোতিপ্ৰসাদ আগৰৱালা ,বিষ্ণুপ্ৰসাদ ৰাভা,ভূপেন হাজৰিকা, কেশৱ মহন্ত, খগেন মহন্ত, জুবিন গাৰ্গ, মানস ৰবীন, পাপনকে ধৰি বহু সংগীত শিল্পীৰ গীতৰ কথাবোৰৰ ওপৰত সুন্দৰ বিশ্লেষণ আগবঢ়াই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/capturedd-2026-01-02-18-28-49.jpg)
আনহাতে, 'সৰলতাৰ দিন' উপলক্ষে বিগত বৰ্ষৰ দৰে ২০২৬ বৰ্ষৰ বাবেও সমিতিৰ তৰফৰ পৰা শিশু সাহিত্য বঁটা প্রদান কৰে জোঙাল বলহু গড় মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষয়িত্রী তথা বিশিষ্ট লেখিকা মনোৰমা ভূঞাক। এই অনুষ্ঠানতে তিৱা সাহিত্য-সংস্কৃতিৰ একনিষ্ঠ সাধক, শিক্ষক, সমাজ সেৱক তথা 'তিৱা মাথনলাই তোখ্ৰা'সকেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি মহেশ্বৰ পাতৰক বিশেষভাৱে সম্বর্ধনা জনোৱা হ'য়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/capturegffffff-2026-01-02-18-31-37.jpg)
উল্লেখযোগ্য যে, অনুষ্ঠানত সমিতিৰ গৱেষণা পত্ৰিকাৰ লগতে কেবাখনো গ্রন্থ উন্মোচন কৰা হ'য়। এই অনুষ্ঠানৰ আহ্বায়ক হিচাপে আছে মৰিগাঁও জিলা তিৱা মাথনলাই তোখ্ৰা। আজিৰ সভাত উপস্থিত থাকি ভাষন আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ প্ৰফুল্ল কুমাৰ নাথ আৰু তিৱা লোক সাহিত্যক মহেশ্বৰ পাতৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us