ৱ'ল্ড কংগ্ৰেছ অৱ এণ্ড’স্কপিক চাৰ্জাৰী ২০২৫ ত অংশ ল'লে ডাঃ সুভাষ খান্নাই

এই অনুষ্ঠানত আমন্ত্ৰণ জনোৱা বাবে ডাঃ ডেভিডে লোমাণ্টো আৰু ৱ'ল্ড কংগ্ৰেছ অৱ এণ্ড’স্কপিক চাৰ্জাৰীৰ ছিংগাপুৰ দলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ডাঃ খান্নাই।

author-image
Asomiya Pratidin
New Update
new ap web1

ডিজিটেল সংবাদ,গুৱাহাটীঃ   ৪ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈকে ছিংগাপুৰত চলিত বৰ্ষৰ ২১ সংখ্যক ৱ'ল্ড কংগ্ৰেছ অৱএণ্ড’স্কপিক চাৰ্জাৰী (WCES 2025) অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে দেশৰ আগশাৰীৰ চিকিৎসক ডাঃ সুভাষ খান্না।

WhatsApp Image 2025-11-11 at 1.45.03 PM

এই অনুষ্ঠানত আমন্ত্ৰণ জনোৱা বাবে ডাঃ ডেভিডে লোমাণ্টো আৰু ৱ'ল্ড কংগ্ৰেছ অৱএণ্ড’স্কপিক চাৰ্জাৰীৰ ছিংগাপুৰ দলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ডাঃ খান্নাই।

ৱ'ল্ড কংগ্ৰেছ অৱএণ্ড’স্কপিক চাৰ্জাৰীত উপস্থিত থাকি সুভাষ খান্নাই অলিম্পাছৰ (Olympus) নতুন হালধীয়া ৰঙৰ-ক'ডযুক্ত অস্ত্ৰোপচাৰ প্ৰযুক্তি (Yellow Colour-Coded Surgery technology) উন্মোচন কৰে। অনুষ্ঠানৰ ভাষণ প্ৰসংগত ডাঃ খান্নাই কয় যে, কালাৰ ক'ডযুক্ত অস্ত্ৰোপচাৰ প্ৰক্ৰিয়াসমূহৰ (Colour-Coded Surface Surgery procedures) শুভাৰম্ভ কৰি গৌৰৱ অনুভৱ কৰিছো।

WhatsApp Image 2025-11-11 at 1.45.03 PM (1)

শ্ৰী খান্নাই লগতে কয়, এই উদ্ভাৱনসমূহে অস্ত্ৰোপচাৰৰ দৃশ্যায়ন আৰু সূক্ষ্মতাক নতুনকৈ মূল্যায়ন কৰিব পাৰে। এই অনুষ্ঠানত মোক সংগ দিয়ে প্ৰফেছৰ স্বাগত খান্নাই। তেওঁৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনাত মিলিত হোৱা লগতে বহু সময় একেলগে অতিবাহিত কৰি উতফুল্লিত হৈছো বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে ডাঃ খান্নাই।

WhatsApp Image 2025-11-11 at 1.45.02 PM (1)

উল্লেখ্য যে, ডাঃ বেৰী চাল্কি , প্ৰফেছৰ নিকোল বৌভি , প্ৰফেছৰ নাথান জুন্দেল , ডাঃ এডুয়াৰ্ডো টাৰগাৰোনা আৰু আনসকলৰ দৰে বিশ্বৰ বিভিন্ন আগশাৰীৰ ব্যক্তিসকলৰ সৈতে মত-বিনিময়ত অংশ অনুপ্ৰাণিত হোৱা বুলি উল্লেখ কৰে ডাঃ সুভাষ খান্নাই।

তেওঁ আৰু কয়, এই পদক্ষেপ ভাৰতৰ ৰ'বটিক আৰু উদ্ভাৱনীমূলক অস্ত্ৰোপচাৰ প্ৰশিক্ষণৰ দিশত গৌৰৱময় মাইলৰ খুঁটিৰূপে পৰিগণিত হ'ব। এই অনুষ্ঠানতে আমাৰ আৰিছ ফেল'শ্বিপ কাৰ্যসূচীৰো (ARIS Fellowship Programme) ভাগ বতৰা কৰিবলৈ সুযোগ পালো।

WhatsApp Image 2025-11-11 at 1.45.02 PM

তাৰোপৰি য়েল্লো এনহেন্সমেণ্ট (Yellow Enhancement - YE) আৰু YE-সহায়ত কৰা স্তন অস্ত্ৰোপচাৰ (YE-assisted breast surgery) প্ৰৱৰ্তন কৰিবলৈ আমাক বিশ্বাস কৰাৰ বাবে অলিম্পাছ জাপানক (Olympus Japan) বিশেষ ধন্যবাদ জ্ঞাপন কৰে সুভাষ খান্নাই।

ডাঃ সুভাষ খান্না সুভাষ খান্না