ড° শিৱ প্ৰসাদ মহান্তিলৈ 'ৰাষ্ট্ৰীয় গৌৰৱ সন্মান- ২০২৫'

ড° শিৱ প্ৰসাদ মহান্তিক আজি কষ্টিটিউচন ক্লাব অফ ইণ্ডিয়াই নতুন দিল্লীত ৰাষ্ট্ৰীয় গৌৰৱ সন্মান- ২০২৫ৰে সন্মানিত কৰে। 

author-image
Asomiya Pratidin
New Update
fggdsdsdsdsdsd

ডিজিটেল সংবাদ, নামৰূপঃ অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড 
(AVFCCL) আৰু হিন্দুস্থান উৰ্বৰক ৰসায়ন লিমিটেডৰ (HURL) পৰিচালন সঞ্চালক ড° শিৱ প্ৰসাদ মহান্তিক আজি কষ্টিটিউচন ক্লাব অফ ইণ্ডিয়াই নতুন দিল্লীত ৰাষ্ট্ৰীয় গৌৰৱ সন্মান- ২০২৫ৰে সন্মানিত কৰে। 

এভিএফচিচিএল আৰু এইচআৰএলৰ পৰিচালন সঞ্চালক ড০ শিৱ প্ৰসাদ মহান্তিক হিন্দুস্তান উৰ্বৰক এণ্ড ৰসায়ন লিমিটেড (এইচ ইউ আৰ এল)ৰ বৃদ্ধি আৰু প্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ আদৰ্শ, নেতৃত্ব আৰু অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে দ্বাদশ ৰাষ্ট্ৰীয় গৌৰৱ সন্মান – ২০২৫ সন্মান প্ৰদান কৰা হৈছে। এই ৰাষ্ট্ৰীয় সন্মানে তেওঁৰ কৌশলগত দূৰদৰ্শিতা, সৰ্বাংগীন নেতৃত্বৰ দৃষ্টিভংগী, আৰু বহনক্ষম কৃষি উন্নয়নক প্ৰসাৰিত কৰাৰ লগতে ভাৰতৰ সাৰ খণ্ডক শক্তিশালী কৰাৰ অটল প্ৰতিশ্ৰুতিক উজ্জ্বল কৰি তুলিছে। তেওঁৰ দূৰদৰ্শী নিৰ্দেশনাত আৰু তেওঁৰ ষ্টুয়াৰ্ডশ্বিপৰ অধীনত থকা প্ৰতিষ্ঠানসমূহে সাংগঠনিক উৎকৃষ্টতা আৰু উদ্দেশ্য-চালিত বৃদ্ধি লাভ কৰি আহিছে বুলি জানিব পৰা গৈছে।

এই স্বীকৃতি সমগ্ৰ এভিএফচিচিএল পৰিয়ালৰ বাবে হৈ পৰিছে গৌৰৱৰ কাৰণ। এয়া সামূহিক কৃতিত্বৰ প্ৰতীক বুলি উল্লেখ কৰিছে কৰ্মকৰ্তাই। 

নামৰূপ নামৰূপ সাৰ কাৰখানা