অক্সফোৰ্ডৰ চিকিৎসা মহাবিদ্যালয়ত ফেল'শ্বিপৰ বাবে নিৰ্বাচিত ডা০ ৰিছা দেৱী

ইংলেণ্ডৰ বিশ্ববিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ত “আন্তৰ্জাতিক প্ৰশিক্ষণ ফেল” (lnternational training fellow// Specialist Medical Practitioner -England) হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে বজালী জিলাৰ অন্তৰ্গত পাটাছাৰকুছিৰ সন্তান ডা০ ৰিছা দেৱী ৷

author-image
Asomiya Pratidin
New Update
432

ডিজিটেল সংবাদ, পাটাছাৰকুছি : ইংলেণ্ডৰ বিশ্ববিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ত “আন্তৰ্জাতিক প্ৰশিক্ষণ ফেল” (lnternational training fellow// Specialist Medical Practitioner -England) হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে বজালী জিলাৰ অন্তৰ্গত পাটাছাৰকুছিৰ সন্তান ডা০ ৰিছা দেৱী ৷ সেইমৰ্মে অক্সফোৰ্ডৰ বিশ্ববিখ্যাত জন ৰেডক্লিফ হাস্পতালত যোগদান কৰিবলৈ ডা০ ৰিছা দেৱী সোমবাৰে উৰা মাৰিছে ইংলেণ্ড অভিমুখে ৷

এই সু খবৰে অঞ্চলটোলৈ গৌৰৱ আৰু আনন্দ কঢ়িয়াই আনিছে ৷ ৩৩ বছৰীয়া ডাঃ ৰিছাই ইতিমধ্যে বাঙ্গালোৰৰ গভৰমেণ্ট মেডিকেল কলেজৰ পৰা এম. বি. বি. এছ, দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ লেডি হাৰ্দিণ্চ মেডিকেল কলেজৰ পৰা এম. ডি. (Paediatrics) আৰু হৃষীকেশস্থিত এইমছৰ পৰা ডি. এম. (Neonatology) ডিগ্ৰী সম্পন্ন কৰি যোৱা এবছৰে বাঙ্গালোৰত শিশুৰোগ বিশেষজ্ঞ হিচাপে কৰ্মৰত হৈ আছিল।

এনে সময়তে অক্সফোৰ্ড মেডিকেল কলেজৰ দুবছৰীয়া ফেলশ্বিপ প্ৰগ্ৰেমৰ বাবে নিৰ্বাচিত হৈছে তেওঁ ৷ তথ্য অনুসৰি ২০২৫ চনৰ জৰীপমতে সমগ্ৰ বিশ্বৰ মেডিকেল কলেজ বিলাকৰ ভিতৰত যুক্তৰাজ্য (United kingdom)ৰ অক্সফোৰ্ড মেডিকেল কলেজ শীৰ্ষত আৰু আমেৰিকাৰ হাভাৰ্ড মেডিকেল কলেজ দ্বিতীয় স্থানত আছে ৷ তদুপৰি ১১ শতিকাতে প্ৰতিষ্ঠিত অক্সফোৰ্ড বিশ্ববিদ্যালয় বিশ্বৰ ভিতৰতেই দ্বিতীয়খন পুৰণি বিশ্ববিদ্যালয় হিচাপে প্ৰসিদ্ধ।

WhatsApp Image 2025-12-08 at 2.00.00 PM

ডা০ ৰিছাৰ এই যাত্ৰা কঠোৰ পৰিশ্ৰম, সাধনা আৰু অধ্যাৱসায়ৰ এক প্রোজ্জ্বল উদাহৰণ ৷ পাটাছাৰকুছিৰ সৰিহ চাকলা গাঁৱৰ সন্তান অভিযন্তা তথা ভাৰত চৰকাৰৰ পেট্ৰোলিয়াম মন্ত্ৰণালয়ৰ অধীনস্থ বি - লৱৰিৰ অবসৰী পৰিচালন  সঞ্চালক হেমন্ত কুমাৰ দেৱ চৌধুৰী আৰু বীণা দেৱীৰ কন্যা ডা০ ৰিছা দেৱী পিতৃসূত্ৰে পাটাছাৰকুছি বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰয়াত গণেশ চন্দ্ৰ দেৱ চৌধুৰী আৰু মাতৃসূত্ৰে পাঠশালাৰ দীপক চাইকেল ষ্টোৰৰ স্বত্বাধিকাৰী প্ৰয়াত অৰবিন্দ শৰ্মাৰ নাতিনী ৷ উল্লেখ্য যে ডা০ ৰিছা বিশিষ্ট সাহিত্যিক তথা অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰী মহাপ্ৰবন্ধক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড০ বলেন্দ্ৰ কুমাৰ দেৱ চৌধুৰী আৰু এ. পি. এছ. চি.ৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীৰ ভতিজী। 

মেধাৱী শিক্ষার্থীগৰাকীৰ এই সাফল্যই পাটাছাৰকুছি তথা বজালী অঞ্চলৰ লগতে সমগ্ৰ অসমৰ  ছাত্ৰ-ছাত্ৰীসকলক অনুপ্রাণিত কৰিব। ডা০ ৰিছাৰ এই কৃতিত্বত অঞ্চলবাসী অতিশয় আনন্দিত হৈছে আৰু আশা ৰাখিছে এগৰাকী বিশ্বমানৰ শিশুৰোগ বিশেষজ্ঞ হিচাপে তেওঁ দেশৰ বাবে চিকিৎসা সেৱাত আৰু অধিক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব।

বজালী