ড০ নগেন শইকীয়ালৈ অসম সাহিত্য সভাৰ প্রবুদ্ধ সদসি ৱৰেণ্যঃ সন্মান

তৃতীয় পূৰ্ণাংগ শিলচৰ অধিৱেশনে গ্রহণ কৰা সিদ্ধান্ত অনুসৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্রখ্যাত সাহিত্যিক অধ্যাপকনগেন শইকীয়াদেৱক সভাই প্রবুদ্ধ সন্মান 'সদসি ৱৰেণ্যঃ' প্রদান কৰিব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াক অসম সাহিত্য সভাই প্রদান কৰিব অসম সাহিত্য সভাৰ প্রবুদ্ধ সন্মান 'সদসি ৱৰেণ্যঃ'।

অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া মতে অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ যোৱা ৪ অক্টোবৰত সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত তৃতীয় কর্ণধাৰ সমিতিৰ সভাই গ্ৰহণ কৰা প্ৰস্তাৱ আৰু ১১ অক্টোবৰত কাছাৰ জিলাৰ শিলচৰৰ বঙ্গ ভৱনত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সমিতিৰ তৃতীয় পূৰ্ণাংগ শিলচৰ অধিৱেশনে গ্রহণ কৰা সিদ্ধান্ত অনুসৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্রখ্যাত সাহিত্যিক অধ্যাপকনগেন শইকীয়াদেৱক সভাই প্রবুদ্ধ সন্মান 'সদসি ৱৰেণ্যঃ' প্রদান কৰিব।

অহা ১ নৱেম্বৰত ডিব্ৰুগড় আঞ্চলিক কার্যালয়ৰ ৰামেশ্বৰলাল চহৰীয়া সংহতি ভৱনত দিনৰ ১০-৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা এই সন্মান প্রদান অনুষ্ঠানটিলৈ আজি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে প্রখ্যাত সাহিত্যিকগৰাকীৰ ঘৰত উপস্থিত হৈ তামোল-পাণৰ শৰাই আগবঢ়াই অনুষ্ঠানটিলৈ আমন্ত্রণ জনায়।

ইতিমধ্যে অধ্যাপক নগেন শইকীয়াদেৱে অনুষ্ঠানটিত উপস্থিত থাকিম বুলি সন্মতি প্রদান কৰে। উল্লেখ্য, সভাৰ ডিব্ৰুগড় আঞ্চলিক কার্যালয়, ডিব্রুগড় জিলা সাহিত্য সভা আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত হ'ব লগা এই সন্মান প্রদান অনুষ্ঠান সভাপতি ড° বসন্ত কুমাৰ গোস্বামী পৌৰোহিত্যত অনুষ্ঠিত হ'ব। 

সন্মান প্রদান অনুষ্ঠানত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড' সমূদ্রগুপ্ত কাশ্যপ, আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ দেৱগোস্বামী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জিতেন হাজৰিকা, অৰুণাচল বিশ্ববিদ্যালয়ৰ উপাচার্য ড° অজিয়া ঝা, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জ্যোতিপ্রসাদ শইকীয়া, শ্রীশ্রীমাধৱদের বিশ্ববিদ্যালয়ৰ উপাচার্য ড' অৰূপজ্যোতি চৌধুৰী, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° মহাদেৱ পাটগিৰি, অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য ড'অজন্তা বৰগোহাঞি ৰাজকোঁৱৰ, সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জি. সিংহানীয়া, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচার্য ড° নিৰোদ কুমাৰ বৰুৱাকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকিব।

অসম সাহিত্য সভা