/asomiyapratidin/media/media_files/2025/09/27/hgjhsjhshb-2025-09-27-17-47-26.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শুকুৰবাৰে ড° নগেন শইকীয়াক কুটুম্ব সুৰক্ষা পৰিষদৰ 'সূত্ৰধাৰ' শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু আধ্যাত্মিক-সাংস্কৃতিক সন্মিলনত আগবঢ়োৱা "মহীৰূহ" উপাধি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। অসম আৰু অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা তেখেতৰ অনন্য বৰঙণিৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতাৰ প্ৰতীক স্বৰূপে এই সন্মান তেখেতক প্ৰদান কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/27/whatsapp-image-2025-09-27-17-41-59.jpeg)
নগেন শইকীয়াৰ ডিব্ৰুগড়স্থিত বাসগৃহত শুকুৰবাৰে কুটুম্ব সুৰক্ষা পৰিষদৰ হৈ সাধাৰণ সম্পাদক অমিয়া নেওগ কলিতা, দিনজয় সত্ৰৰ সত্ৰাধিকাৰ তথা কুটুম্ব সুৰক্ষা পৰিষদৰ ধৰ্মাচাৰ্য্য মণ্ডলীৰ সভাপতি মুকুন্দ চন্দ্ৰ গোস্বামী আৰু এই বেলি বৰদোৱাত আয়োজিত 'সূত্ৰধাৰ ২০২৫' ত 'মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংস্কৃত সেৱা সন্মান' লাভ কৰা বিশিষ্ট শিক্ষাবিদ তথা কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° জয়কৃষ্ণ মহন্তই তেখেতক সেই সন্মান প্ৰদান কৰে।
ইফালে নগেন শইকীয়ালৈ কুটুম্ব সুৰক্ষা পৰিষদৰ "মহীৰূহ" উপাধি আনুষ্ঠানিকভাৱে প্ৰদান কৰা সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্তি যোগে পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই প্ৰকাশ কৰাৰ লগতে নগেন শইকীয়া ছাৰৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/27/whatsapp-image-2025-2025-09-27-17-44-18.jpeg)
"ড° নগেন শইকীয়া ছাৰক আমি কেতিয়াবাই মহীৰূহ হিচাপে স্বীকৃতি দিব লাগিছিল। আচলতে, অসম চৰকাৰে তেওঁক এইধৰণৰ স্বীকৃতি দিয়াটো প্ৰয়োজন আছিল। আমাৰ সৌভাগ্য যে আমি তেখেতক এইদৰে সেৱা কৰিবলৈ সুবিধা পালোঁ। আমাৰ আদৰ গ্ৰহণ কৰাৰ বাবে শইকীয়া ছাৰৰ ওচৰত সদায় চিৰ কৃতজ্ঞ হৈ থাকিম।"- বুলি সত্য ৰঞ্জন বৰাই কয়।
উল্লেখ্য যে, যোৱা ৫, ৬,৭ ছেপ্তেম্বৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওপজা ঠাই বটদ্ৰৱাত হৈ যোৱা "কুটুম্ব সুৰক্ষা পৰিষদ"ৰ সূত্ৰধাৰ শীৰ্ষক 'ৰাষ্ট্ৰীয় শৈক্ষিক আৰু আধ্যাত্মিক-সাংস্কৃতিক সন্মিলন'ত তেখেতলৈ আনুষ্ঠানিকভাৱে "মহীৰূহ" উপাধি আগবঢ়োৱা হয়। কিন্তু, শাৰীৰিক অসুস্থতাৰ বাবে তেখেত উপস্থিত থাকি নোৱাৰাৰ বাবে আজি তেখেতৰ ডিব্ৰুগড়স্থিত বাসগৃহত উপাধি প্ৰদানৰ আনুষ্ঠানিকতা সম্পন্ন কৰা হয়। অসম আৰু অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা তেখেতৰ অনন্য বৰঙণিৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতাৰ প্ৰতীক স্বৰূপে এই সন্মান তেখেতলৈ আগবঢ়োৱা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us