ড° কৰৱী ডেকা হাজৰিকালৈ ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা- ২০২৪

ড° কৰৱী ডেকা হাজৰিকালৈ ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা- ২০২৪

author-image
Asomiya Pratidin
New Update
ড° কৰৱী ডেকা হাজৰিকালৈ  ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা- ২০২৪

ডিজিটেল সংবাদ, শিৱসাগৰঃ বৰ অসমৰ প্ৰথম গৰাকী ডক্টৰেট তথা ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী অসমীয়া উপাচার্য ড° ময়িদুল ইছলাম বড়াৰ স্মৃতিত প্ৰৱৰ্তন কৰা ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২৪ আজি স্বনামধন্য সাহিত্যিক, শিক্ষাবিদ ড° কৰৱী ডেকা হাজৰিকাক প্ৰদান কৰা হয়।

Advertisment

শিৱসাগৰ প্ৰেছ ক্লাবত শিৱসাগৰৰ অৰুনোদই সাহিত্য সভা আৰু ড° ময়িদুল ইছলামবড়া স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ প্রধান সম্পাদক তথা ভাষাতত্ববিদ ড° নাহেন্দ্ৰ পাদুনে আনুষ্ঠানিক হাজাৰিকাক এই বঁটা প্ৰদান কৰে।

অৰুনোদই সাহিত্য সভাত সভাপতি প্ৰেম গগৈৰ সঞ্চালনাত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্ত,অৰুণোদয় সাহিত্য সভাৰ সম্পাদক মনিৰুল ইছলাম বৰা আদিকে ধৰি ভালেমান গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই বঁটা ২০১১ চনৰ পৰা ধাৰাবাহিক ভাবে প্ৰদান কৰি অহা হৈছে।ড° বৰা অসম সাহিত্য সভাৰ ১৯৪০ চনত অনুষ্ঠিত অধিবেশনৰ সভাপতি আছিল।

ড° কৰৱী ডেকা হাজৰিকা