ড° গুণ শইকীয়ালৈ ‘সংস্কৃত বিদ্বৎ’ সন্মান

নগাঁও মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী অধ্যাপক তথা অসমৰ বিশিষ্ট সংস্কৃত পণ্ডিত ড° গুণ শইকীয়ালৈ ‘সংস্কৃত বিদ্বৎ’ সন্মান। 

author-image
Asomiya Pratidin
New Update
dsdgtrhrtsdss

ডিজিটেল সংবাদ, নগাওঁঃ নগাঁও মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী অধ্যাপক তথা অসমৰ বিশিষ্ট সংস্কৃত পণ্ডিত ড° গুণ শইকীয়াক কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়, নলবাৰী আৰু কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়, নতুন দিল্লীৰ যৌথ উদ্যোগত ‘সংস্কৃত বিদ্বৎ’ সন্মান প্ৰদান কৰা হ’ব। 

ভাৰতীয় পৰম্পৰাৰ সৈতে সংগতি ৰাখি সংস্কৃত ভাষা, সাহিত্য আৰু জ্ঞান পৰম্পৰা সংৰক্ষণ, প্ৰচাৰ আৰু বিকাশৰ ক্ষেত্ৰত ড° গুণ শইকীয়াই আগবঢ়োৱা আজীৱন বিশেষ আৰু প্ৰশংসনীয় অৱদানৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। সন্মান সমিতিয়ে একমত সিদ্ধান্তৰে তেখেতক এই বঁটা প্ৰদান কৰিব বুলি বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে, শৈক্ষিক জীৱনত ড° গুণ শইকীয়াই ১৯৭০ চনত নেচনেল স্কলাৰশ্বিপ লাভ কৰি উচ্চ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। পৰৱৰ্তী বৰ্ষত সংস্কৃত বিষয়ত অসমৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰি প্ৰি-ইউনিভাৰ্চিটি পৰীক্ষাতো প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ১৯৭৪ চনত সংস্কৃতত অনাৰ্চসহ বেষ্ট গ্ৰেজুৱেট হিচাপে তেওঁ অসমৰ গভৰ্ণৰৰ পৰা বিশেষ পদক লাভ কৰে। ১৯৭৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি এম.এ. ডিগ্ৰী অৰ্জন কৰে।

তিনিটা দশকৰো অধিক সময় ধৰি এজন নিষ্ঠাবান অধ্যাপক হিচাপে নগাঁও কলেজত শিক্ষাদান কৰি ড° শইকীয়াই সংস্কৃত বিভাগৰ মূৰব্বী অধ্যাপকৰ দায়িত্ব পালন কৰে। একে সময়তে নগাঁও জিলাৰ অগ্ৰণী নাট্যানুষ্ঠান ‘সুন্দৰম নাট্যগোষ্ঠী’ৰ প্ৰতিষ্ঠাপক আৰু এককালীন সভাপতি হিচাপে নাট্য-সংস্কৃতিতো তেওঁ গুৰুত্বপূর্ণ অৱদান আগবঢ়ায়। নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চলৈ সম্পাদক আৰু সভাপতি হিচাপে আগবঢ়োৱা তেখেতৰ সুদীৰ্ঘ সেৱাও বিশেষভাৱে উল্লেখযোগ্য। শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদৰ্শিত তেওঁৰ নাটক অভিজ্ঞান-শকুন্তলম নাটকে ব্যাপক সমাদৰ লাভ কৰে।

ইয়াৰ উপৰিও ড° গুণ শইকীয়াই কেইবাখনো গ্ৰন্থ, নাটক, বহু সংখ্যক গীত ৰচনা কৰাৰ লগতে সংস্কৃত ভাষাত নাট সম্পাদনাৰ জৰিয়তে বিদ্বৎ মহলৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ উপস্থিতিয়ে এই সন্মান প্ৰদান অনুষ্ঠানৰ মৰ্যাদা বৃদ্ধি কৰিব বুলি আয়োজক পক্ষই আশা প্ৰকাশ কৰিছে। ড° গুণ শইকীয়াক এই গৌৰৱজনক সন্মান প্ৰদান কৰাৰ সিদ্ধান্তত অসমৰ শৈক্ষিক, সাহিত্যিক আৰু সাংস্কৃতিক মহলে সন্তোষ প্ৰকাশ কৰি তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

নগাঁও